ফিফা ৰেংকিংত পূৰ্বৰ ১০৫ নং স্থান বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে ভাৰতীয় ফুটবল দল

PC Sportskeeda

অনলাইন বাৰ্ত্তাসেৱা – বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাৰ শেহতীয়াকৈ প্ৰকাশ কৰা ৰেংকিং তালিকাত ভৰতীয় ফুটবল দলটো আছে ১০৫ নং স্থানত। ফিফাই প্ৰকাশ কৰা এই তালিকাত পূৰ্বৰ স্থানতে থাকিল ভাৰতৰ জাতীয় ফুটবল দলটো। উল্লেখ্য যে কৰʼনা মহামাৰীৰ বাবে এই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় মেচসমূহ অনুষ্ঠিত হোৱা নাছিল। সেয়ে পূৰ্বৰ ৰেংকিং তালিকাখনৰ সৈতে প্ৰায় একে তালিকাই প্ৰকাশ পাইছে। তালিকাৰ শীৰ্ষ স্থানত আছে  বেলজিয়াম। ইয়াৰ পাছতে তালিকাৰ দ্বিতীয় স্থানত আছে ফ্ৰান্স আৰু তাৰ পাছতেই ৰেংকিং তালিকাৰ তৃতীয় স্থানত উপৱিষ্ট হৈছে ব্ৰাজিল ফুটবল দলটো। ইয়াৰ পাছতে আছে ইংলেণ্ড আৰু পৰ্তুগাল। উল্লেখ্য যে ফুটবল খেলা ২১০খন ৰাষ্ট্ৰৰ জাতীয় ফুটবল দলসমূহক লৈ এই ৰেংকিং তালিকা প্ৰকাশ কৰা হয়। বিগত সময়ছোৱাত বিশ্ব ফুটবল প্ৰায় স্থবিৰ হৈ পৰাৰ বাবে ৰেংকিং তালিকাত কোনো দলৰ চমকপ্ৰদ উত্থাপন-পতন নঘটিল। কিন্তু শেহতীয়াকৈ আৰম্ভ হৈছে এছিয়াৰ ফিফা বিশ্বকাপ যোগ্যতা নিৰ্ণয়কাৰী মেচসমুহ। একেদৰে ফিফা  আৰব কাপ আনুষ্ঠিত হʼব। জুনৰ পৰা আনুষ্ঠিত হʼবলগিয়া এই টুৰ্ণামেন্টখনত অংশ লʼব আফ্ৰিকা আৰু এছিয়াৰ কেইবাখনো দেশে। এই দুই  টুৰ্ণামেন্টৰ পাছত প্ৰকাশ পাবলগীয়া ৰেংকিং তালিকাতহে দলসমূহৰ বৰ্তমানৰ স্থিতি পোহৰলৈ আহিব।