ফিংগাৰপ্ৰিণ্ট
মানুহৰ ক্ষেত্ৰত ফিংগাৰপ্ৰিণ্ট শব্দটোৰ অৰ্থ হৈছে হাতৰ আঙুলিৰ ছাপ বা হস্তাংগুলিছাপ। হাতৰ আঙুলিৰ মূৰত ৰঙ লগাই বগা কাগজত হেচা মাৰি দিলে আঙুলিৰ ছাপ কাগজত স্পষ্টকৈ ওলাই পৰিব। আমাৰ হাতৰ প্ৰতিটো আঙুলিৰ ছাপ দেখিবলৈ একে নে বাৰু ? নিশ্চয় নহয়! সেয়ে অপৰাধীক ধৰিবৰ বাবে ফিংগাৰপ্ৰিণ্ট ৰ সহায় লয়। অৱশ্যে অপৰাধীৰ স্পৰ্শ থাকিব লাগিব। ফিংগাৰপ্ৰিণ্টৰ ৰেখা সমুহৰ বিন্যাস অৰ্থাৎ সাজোন কাচোন বা গঠন অনুযায়ী বিভিন্ন প্ৰকাৰৰ দেখা পোৱা যায় যেনে – ছাপ বা ধেনুভিৰীয়া গঠন,পাশ বা ফাঁচ (loops) আৰু চক্ৰক (whorls) । ব্ৰিটিছ গণিতজ্ঞ আৰু কম্পিউটাৰ বিজ্ঞানীসকলে আঙুলিৰ ছাপ বেলেগ বেলেগ হোৱাৰ সম্পৰ্কে জৈৱিক আৰু এক গাণিতিক তত্ত্ব আগবঢ়াইছিল। তেওঁ লোকৰ মতে প্ৰকৃতিৰ উপাদান সমূহত ৰাসায়নিক আন্তঃক্ৰিয়াৰ ভিত্তিত যিদৰে সুন্দৰ সুন্দৰ চানেকি সৃষ্টি হয় সেই একে তত্ত্ব ৰ ভিত্তিতেই মানুহৰ হাতৰ আঙুলিত ৰেখাৰ চানেকি সৃষ্টি হয়। ফিংগাৰপ্ৰিণ্ট বা আঙুলিৰ ৰেখা ছাপ সমুহৰ বাবেই আমি বস্তু এটা খামুচি ধৰি ৰাখিব পাৰোঁ লগতে সংবেদনশীলতা বৃদ্ধি কৰাত সহায় কৰে। ফিংগাৰপ্ৰণ্টি এক বিশেষ বৈশিষ্ট্য আছে।কিয়নো ফিংগাৰপ্ৰিণ্ট সকলো মানুহৰে বেলেগ বেলেগ। ককাই -ভাইৰ মাজত তেজৰ গ্ৰুপ মিল পোৱা যায় কিন্তু ফিংগাৰপ্ৰিণ্ট মিল দেখা নাযায়।আনকি যঁজা সন্তানৰো ফিংগাৰপ্ৰিণ্ট বেলেগ বেলেগ হয়। বিজ্ঞানীসকলে ইয়াৰ কাৰণ বিচাৰি কৰা গৱেষণাৰ অন্তত কৈছে যে গছৰ পাতত থকা শিৰাৰ সাজোন কাচোন বা বিন্যাসৰ দৰেই জিনৰ বিকাশ তত্ত্বৰ বাবেই ফিংগাৰপ্ৰিণ্ট ৰ সৃষ্টি। যিহেতু গছৰ পাতৰ শিৰাৰ সজ্জা ভিন্ন গছ অনুসৰি ভিন ভিন হোৱা দেখা যায়। কোষৰ বিকাশ তত্ত্বৰ বাবে কিছুমান কোষৰ বৃদ্ধি খৰতকীয়া হয় আৰু কিছুমান কোষৰ বৃদ্ধি কমি যায়। এনে দুই বিপৰীত প্ৰকৃতিৰ কোষৰ সংলগ্ন হৈ যি বোৰ শিৰাৰ সৃষ্টি হয় সেই শিৰা ৰ পৰা একক গঠন সৃষ্টি হয়। তাৰ বাবেই ফিংগাৰপ্ৰিণ্টৰ চক্ৰ দেখা পোৱা যায়। আমাৰ হাতৰ আঙুলিৰ মূৰত থকা ৰেখা চক্ৰ লক্ষ্য কৰিছানে? সিৰাবোৰৰ কোষবোৰ আঙুলিৰ মূৰত তিনিটা ভাগত থাকে । সেই তিনিটা হ’ল শীৰ্ষাংশ( tip) ,কেন্দ্ৰাংশ (center)আৰু আঙুলিৰ গাঁঠিৰ (top knuckle) একেবাৰে কাষৰ অংশ। বেলেগ বেলেগ কোষৰ দলে সিহঁতৰ অৱস্থান সাপেক্ষে পৰস্পৰ হেঁচা – ঠেলা কৰাৰ ফলত বিভিন্ন চক্ৰৰ বা বিভিন্ন চানেকিৰ আকৃতিৰ সৃষ্টি হয়।
বন্দিতা শৰ্মা কন্দলি