ফাৰ্মা কোম্পানীত ৰিয়েক্টৰ বিস্ফোৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে তেলেংগানাত সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। হায়দৰাবাদৰ সমীপৱৰ্তী ছাংগাৰেড্ডী জিলাৰ পটাঞ্চেৰু মণ্ডলৰ পছুমিল্লাৰম ঔদ্যোগিক এলেকাত ছিগাচি ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ঔষধ উদ্যোগত সোমবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ । এই বিস্ফোৰণৰ ফলত ৩৭ জন শ্ৰমিকৰ মৃত্যু হয় , লগতে ৩৫ জনৰো অধিক আহত হয় হাস্পাতালত চিকিৎসাধীন হৈ আছে। হাস্পাতালত ভৰ্তি হৈ থকা শ্ৰমিক কেইজনৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে। আন একাংশৰ মৃতদেহ ধ্বংসাৱশেষৰ তলত পোত থকাই থকাৰ অনুমান কৰা হৈছে ৷ যাৰ বাবে নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ প্ৰত্যক্ষদৰ্শীৰ মতে বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে কাৰখানাটোৰ চাদৰ ধ্বংসাৱশেষ উৰি ওচৰৰ গছত পৰিল। ঘটনা সন্দৰ্ভত এজন শ্ৰমিকে কয় যে, তেওঁলোকে ব্ৰেকফাষ্ট কৰি কাম কৰিবলৈ ফেক্টৰীটোত প্ৰৱেশ কৰিছিল আৰু তেতিয়াই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। তাৰ পাছতে ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু চাৰিওফালে জুই বিয়পি পৰে। ওচৰৰ কাৰখানাত কাম কৰা আন এজন শ্ৰমিকে কয় যে, বিস্ফোৰণৰ শব্দ শুনি তেওঁলোক শংকিত হৈ পৰিছিল। আধা কিলোমিটাৰ পৰ্যন্ত খিৰিকী ভাঙি কাঁচবোৰ চিটিকি পৰিছিল। এই ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদী আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়ে গভীৰ শোকপ্ৰকাশ কৰে । তদুপৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সকলো প্ৰকাৰৰ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীৰ নিৰ্দেশ অনুসৰি ৰাজ্যখনৰ মন্ত্ৰী দামোদৰ ৰাজন সিংহ আৰু বিবেকৰ নেতৃত্বত এন ডি আৰ এফ, হাইড্ৰা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানসকলে উদ্ধাৰ অভিযানত আগভাগ লয় ৷ প্ৰায় ১১ টাকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে । এই উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰে ছাংগাৰেড্ডীৰ জিলা আয়ুক্ত প্ৰবীণ্য আৰু আৰক্ষী অধীক্ষক পৰিতোষ পংকজে ।
গুজৰাটৰ ছিগাচি নামৰ কোম্পানীটোৰ দুটা শাখা ক্ৰমে তেলেংগানা আৰু মহাৰাষ্ট্ৰত আছে । প্ৰায় চাৰি একৰ ভূমিত বিস্তৃত হৈ থকা পছুমিল্লাৰম ঔদ্যোগিক এলেকাত আছে কোম্পানীটোৰ এক ঔষধ উৎপাদন উদ্যোগ ৷ এই উদ্যোগটোত চাৰিটা ব্লক আছে । ছিকিউৰিটি ব্লকৰ পিছফালে আছে প্ৰডাকচন বিভাগ, য’ত ঔষধ প্ৰস্তুত কৰা হয় । তাৰলগতে অট্টালিকাটোৰ ওপৰৰ মহলাত গুণগত নিয়ন্ত্ৰণ আৰু এডমিন বিভাগ আছে । ইয়াত মুঠ ১৮৯ জন কৰ্মচাৰীয়ে কাম কৰে । ইয়াৰে অধিকাংশই উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ । সোমবাৰে পুৱা ৮ বজাৰ আশে-পাশে সদায়ৰ দৰেই প্ৰতিগৰাকী কৰ্মচাৰী নিয়মীয়া কৰ্তব্য সম্পাদনৰ বাবে উপস্থিত হয় । পুৱা প্ৰায় ৯.৫০ বজাত প্ৰচণ্ড শব্দৰে সংঘটিত হয় এক বিস্ফোৰণ ৷ প্ৰকৃততে কি ঘটিছে সেয়া কোনোৱে তলকিব পৰাৰ পূৰ্বেই অট্টালিকাটোৰ ওপৰৰ মহলাটো ভাঙি পৰে ৷ কাষতে থকা আন এটা অট্টালিকাৰো আংশিক ক্ষতিসাধন হয় ৷ মুহূৰ্ততে বনজুইৰ দৰে গুণগত নিয়ন্ত্ৰণ আৰু আন এটা বিভাগলৈ বিয়পি পৰে জুই ৷ বিষয়াসকলে জনোৱা মতে, সেই সময়ত উদ্যোগ চৌহদত ১৪৭ জন লোক উপস্থিত আছিল । ইয়াৰে ২৯ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন দুজনৰ চিকিৎসালয়ত মৃত্যু হয় । মৃত্যু ঘটা লোকসমূহৰ ভিতৰত কেইজনমানৰহে পৰিচয় পোৱা গৈছে ৷ বাকী মৃত পাঁচজন লোকৰ পৰিচয় জানিব পৰা হোৱা নাই ।