ফাষ্টট্রেক আদালত গঠনৰ সিদ্ধান্তক আদৰণি জনাইছেঃগৰিমা শইকীয়া গার্গ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৬ মাহ সম্পূৰ্ণ হৈছে । ৬ মাহে চলি থকা বিভিন্ন দাবী আৰু জল্পনা-কল্পনাৰ অন্তত গঠন হ’ল ফাষ্টট্ৰেক আদালত । এতিয়াৰে পৰা নিয়মীয়াকৈ বিশেষ ফাষ্টট্রেক আদালতত চলিৰ প্ৰাণৰ শিল্পীৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া। মুখ্যমন্ত্রী ড’ হিমস্ত বিশ্ব শর্মাই এই কথা ঘোষণা কৰে । উল্লেখ্য যে প্রিয় শিল্পীক ন্যায় দিবলৈ ৰাজ্য চৰকাৰে কিছুদিন পূর্বে কেবিনেট বৈঠকযোগে বিশেষ ফাষ্টাট্রেক আদালত গঠন কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ক আবেদন জনোৱাৰ সিদ্ধান্ত লৈছিল। এই বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে এখন পত্রযোগে এই কথাখিনি জনাইছে। বাক্সা জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ শর্মিলা ভূঞাক ক’ৰ্টখনৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। বিশেষ ক’র্টখনে আন কোনো কাম নকৰে কেৱল জুবিন গাৰ্গৰ গোচৰৰ শুনানিৰ কাম কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে নৱনিযুক্ত বিশেষ ফাষ্টট্রেক ক’ৰ্টখনৰ ন্যায়াধীশগৰাকীক প্রয়োজনীয় সকলো সা-সুবিধা প্রদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। মুখ্য ন্যায়াধীশৰ এই নির্দেশক চৰকাৰে সকলো প্রকাৰে সহযোগিতা কৰাৰ লগতে এই পদক্ষেপৰ বাবে মুখ্য ন্যায়াধীশ কুমাৰক কৃতজ্ঞতা জনাইছে মুখ্যমন্ত্রী ড’ শর্মাই। অৱশ্যে বিশেষ আদালতখন সক্রিয় হৈ নুঠা পর্যন্ত বর্তমানৰ জিলা আৰু সত্র ন্যায়াধীশৰ আদালতে প্রতিদিনেই ফাষ্টট্রেক আদালতৰ দৰে জুবিন গাৰ্গ হত্যাকাণ্ডৰ শুনানি গ্রহণ কৰিব বুলিও মুখ্যমন্ত্রী ড° শর্মাই লগতে কয়। আনহাতে ফাষ্টট্রেক আদালত গঠনৰ সিদ্ধান্তক আদৰণি জনাইছে শিল্পীপত্নী গৰিমা শইকীয়া গার্গে। প্রিয় শিল্পীৰ চলি থকা গোচৰৰ শুনানিৰ বাবে আদালতত উপস্থিত হোৱা গৰিমা শইকীয়া গার্গে কয় যে আমি আইনৰ ওপৰত চিৰদিন আস্থা ৰাখিছিলোঁ। আজি সেই আশা কিছু আগবাঢ়িছে।
