ফাষ্টট্রেক আদালতত হ’ব জুবিনৰ মৃত্যুৰ বিচাৰঃমুখ্যমন্ত্ৰী ড° শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ফাষ্টট্রেক আদালত গঠনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত প্রস্তাৱ দিব। লোকসেৱা ভৱনত এক সংবাদ মেল সম্বোধন কৰি ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তৰ কথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সদৰী কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয়- জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা এছআইটিয়ে জানিবলৈ দিছে যে নৱেম্বৰ মাহৰ শেষভাগত অথবা ডিচেম্বৰৰ প্ৰথম ভাগত যিকোনো মুহূর্ততে তেওঁলোকে চার্জশ্বীট দাখিল কৰিব পাৰিব। অর্থাৎ যদিও নিয়ম অনুসৰি ৯০ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিব লাগে, তথাপি এছআইটিয়ে নৱেম্বৰ মাহৰ ভিতৰত তদন্ত সামৰি আদালতত অভিযোগনামা দিয়াৰ পথত আগবাঢ়িব। আনহাতে কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এটা অনুৰোধ কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। যাতে উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া সোনকালে হয় তাৰ বাবে এখন ফাষ্টট্রেক আদালত গঠনত অনুৰোধ কৰিব। ন্যায় যিহেতুকে আদালতে কৰে আৰু আদালতত এই প্রক্রিয়া দীঘলীয়া হয়, গতিকে ৰাইজে দীঘলীয়া সময় দিব বিচৰা নাই। সেইকাৰণে কেবিনেটত আজি এই সিদ্ধান্ত গ্রহণ কৰা হৈছে যে মুখ্যমন্ত্রীয়ে মুখ্য ন্যায়াধীশৰ লগত যোগাযোগ কৰি যি মুহূৰ্ততেই অভিযোগনামা দাখিল কৰা হ’ব, সেই মুহূৰ্তত যাতে এখন ফাষ্টট্রেক আদালত গঠন হয়। এই আদালতত প্রতিদিনেই শুনানি হ’ব পাৰে আৰু খুব সোনকালে এই অভিযোগনামাখনৰ ওপৰত বিচাৰ প্ৰক্ৰিয়া চলিব পাৰে। ৰাজ্য চৰকাৰে কেবিনেটত এই সিদ্ধান্ত গ্রহণ কৰে যে ৰাজ্যৰ মহাধিবক্তাৰ লগত আলোচনা কৰি এজন চৰকাৰী অধিবক্তা নিয়োগ কৰিব। যিজন অধিবক্তাই আন সকলো গোচৰৰ পৰিৱৰ্তে একমাত্র জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা দাখিলৰ পিছত চলিব লগা গোচৰটোৰ আৰম্ভণিৰ পৰা ৰায়দান নোহোৱালৈকে তেওঁ জড়িত হৈ থাকিব। সেয়েহে কেবিনেটে আজি ন্যায় প্রক্রিয়াক আগুৱাই নিয়াৰ বাবে এজন বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰে। মহাধিবক্তাৰ লগত আলোচনা কৰি চৰকাৰী অধিবক্তাজনৰ নাম প্ৰকাশ কৰা হ’ব। উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্তৰ বাবে ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত গঠন হোৱা আয়োগত অস্থায়ীভাৱে চাৰি অধিবক্তাক নিযুক্ত কৰা হৈছে। কেবিনেটে আজি ফাষ্টট্রেক আদালত গঠনৰ বাবে লোৱা সিদ্ধান্তৰ সমান্তৰালকৈ ন্যায়িক আয়োগত এতিয়াৰে পৰা কাম-কাজত জড়িত হৈ থাকিব চাৰিজন অধিবক্তা। এই অধিবক্তাকেইজন হ’ল- পল্লৱ কাকতি, সমুদ্রগুপ্ত দত্ত, অৰ্ণৱ বিশ্বাস আৰু ভাস্কৰ শৰ্মা।