ফাফ ডু প্লেছিছ দিল্লী কেপিটেলছৰ উপ-অধিনায়ক

ফাফ ডু প্লেছিছ দিল্লী কেপিটেলছৰ উপ-অধিনায়ক

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লী কেপিটেলছৰ উপ-অধিনায়ক হিচাপে ফাফ ডু প্লেছিছক নিযুক্তি। মাত্র কেইদিনমানৰ আগতে ফ্রেঞ্চাইজিয়ে অক্ষৰ পেটেলক নতুন অধিনায়ক হিচাপে নিযুক্তি দিছিল। দিল্লী কেপিটেলছে ছ’চিয়েল মিডিয়াত এটা প্ৰচাৰমূলক ভিডিঅ’ শ্বেয়াৰ কৰি ডু প্লেছিছক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিষয়ে অৱগত কৰিছে। উল্লেখ্য যে যোৱা ছিজনত দক্ষিণ আফ্রিকাৰ তাৰকাজনে আৰচিবিৰ হৈ অধিনায়কত্ব কৰিছিল। যোৱা বছৰ মেগা নিলামৰ পূৰ্বে আৰচিবিয়ে মুকলি কৰি দিছিল ডু প্লেছিছক। নিলামৰ কথা আহিলে দিল্লী কেপিটেলে দক্ষিণ আফ্ৰিকাৰ এই তাৰকাজনক ২ কোটি টকাৰ বিড দি তেওঁলোকৰ দলত অন্তর্ভুক্ত কৰে।