ফাগুন – Jyotishna Borpuzari

Pc অসমীয়া ৱিকিপিডিয়া -Wikipedia

ফাগুন

Jyotishna Borpuzari.
Jhanji Jamuguri

খিৰিকীৰ কাষেৰে বৈ আহিছে
ফাগুনৰ পছোৱা,
ৰঙা ৰঙা মদাৰ ফুলবোৰে
বাৰে বাৰে দি গৈছে
ফাগুনৰ বাতৰি।
ফাগুন মানেই নহয় মাথোঁ
গছৰ পাত সৰা,
ফাগুন মানেই সাহস গোটাই
শূন্য হাতে থিয় হোৱা।
সকলো হেৰুৱাইও থিয় দি আছে
গছবোৰ স্থিৰভাৱে;
সিহঁতে জানে— ত্যাগৰ পাছতহে
আহে বসন্তৰ নতুন থোপা।
ফাগুনৰ পছোৱাৰ ধূলিবোৰে
সকলোকে ঢাকিলেও,
ফাগুনে আমাক শিকাই
হেৰুৱাইও জীয়াই থকাৰ আশা।
ফাগুনৰ ৰং চাই
মেলি থৈছোঁ টেবুলত কিতাপ,
ভাঙি আছোঁ অংকৰ
পাকলগা পাকবোৰ।
মোৰ কলমটোৱে যদিও
উত্তৰ লিখিছে, তথাপিও
মাজে মাজে উৰা মাৰিছে মনটো
ৰঙীন ফাগুনলৈ।
হ’ব দিয়া, এইবাৰ নহ’লেও হ’ব
ফাগুনৰ ধূলিত হেঁপাহৰ খেলা,
পৰীক্ষাৰ পাছত বসন্তই মাতিব—
তেতিয়াই হ’ব ফাগুন-চ’তৰ মেলা।