ফাগুন মানে কি? – বিপাশা বৰা

ফাগুন মানে কি?

বিপাশা বৰা

ফাগুন মানে কি?
ৰঙা মদাৰ, ৰঙা ফাকু নে ৰঙা শিমলু
উদং পঠাৰ, চঞ্চলা বতাহ নে ধুলিময় আকাশ
নে এখনি ৰঙা বুটা বছা নীলা চাদৰ!

অৰণ্যৰ বিৰিখৰ চেহেৰা খহোৱা ফাগুন
ল’ৰাহ’তে পঠাৰত চিলা উৰুৱা ফাগুন
উদাসীন বুকুত ৰং চটিওৱা ফাগুন
ফাগুন ফাগুন কেৱল ফাগুন।

ফাগুনৰ নিৰ্জন দুপৰীয়া এটিত কেতিয়াবা
বতাহৰ বা লাগি নৈখনত খলকনিৰ সৃষ্টি হয়
পানীবোৰ উঠা-নমা কৰে,
গছৰ পাতবোৰে ৰিব্-ৰিব্ শব্দ কৰি
বুঢ়া পাতবোৰ এটি দুটিকৈ খহাই পেলাই
মাটিয়ে সিহঁতক আকোৱালি লয়।
কেতিয়াবা মোৰ মনটো সৃষ্টি হয় তেনে খলকনিৰ…
তেতিয়া ৰাস্তাৰ ধুলিবোৰ মনৰ পদূলিৰ পৰা
নঙলা খুলি মনৰ ভিতৰলৈ সোমাই আহে
অশান্ত বতাহ জাকে আবেগ অনুভূতিৰ পাৰ ভাঙে
মনৰ আউল লগা কথাবোৰে ডায়েৰীৰ পৃষ্ঠাবোৰ সামৰে
এনেকৈয়েই ফাগুন আহে বাৰে বাৰে
মনলৈ…
প্ৰকৃতিলৈ…