ফাগুন মানে এক যাত্ৰা- পংকজ সভাপণ্ডিত

ফাগুন মানে এক যাত্ৰা

পংকজ সভাপণ্ডিত
উত্তৰ লখিমপুৰ

ফাগুন মানেই ৰঙ, ৰঙৰ বৰ্ণিল সমাহাৰ,
পলাস,শিমলু আৰু মদাৰ ফুলাৰ সময় ফাগুন,
তল সৰাপাত ধূলিয়ৰি বাট,
ৰঙৰ এখন পৃথিৱী,ৰঙ মাথো ৰঙ…
হৃদয় ৰঙীন, উন্মনা মন।
লৃগাংৰ মাদকতা, শিৱৰাত্ৰী স্বকীয়তা
অনন্য আকৰ্ষণ।
বসন্তৰ কুঁহি পাতৰ পৰশ পাবলৈ,
লঠঙা গছ -বিৰিষৰ আন এক প্ৰস্তুতিৰ সময় ফাগুন,
মোৰ মনৰ দুৱাৰখনত
ফাগুনৰ ৰঙেৰে টুকুৰিয়াই ক’লে –
“ফাগুন মানেই এক যাত্ৰা”