ফাগুন – বন্তি বৰা

ফাগুন

বন্তি বৰা
বৰপথাৰ

চাটমাৰি ধৰাকৈ শিমলু ফুলবোৰ ফুলিছে
গুমৰাগ নাচনীজনী
নাচি নাচি ভাগৰিছে
নিতম্ব কঁপাই
আলি -আই-লৃগাঙে
এসোপা গুটি ছটিয়াই
উদং পথাৰত শান্তিৰ পতাকা উৰুৱাইছে
ৰাঙঢালী পুৱাৰ ফেৰফেৰীয়া বতাহ জাকত উৰি অহা
ঐনিতম ফাকিয়েও কৈ যায়
এতিয়া সৰাপাত হ’ল ইতিহাস
লঠঙা ডালত চোৱা সেউজীয়াৰ হাবিয়াস
ৰঙৰ আবিৰেৰে ৰাঙলী ফাগুন
তেজ ৰঙা সাজেৰে উন্মনা পলাশ
চকুৰে মণিব নোৱাৰাকৈ ধূলিময় আকাশ।
মৌ-মাখিৰ ভূণ ভূণ
উৰামাৰি পখিলা জাকে
কৈ যায়
এইয়াই ফাগুন
আবিৰৰ ৰঙ সানি
ফাগুন হ’ল ৰঙা
ফাগুনে বুজে হৃদয়ৰ ভাষা
ৰুক্ষতাই বিবৰ্ণ কৰা
লঠঙা গছৰ বিননিত
চঞ্চল ফাগুনৰ প্ৰেমৰ পছোৱা
জাপলাগি ফুলিব পলাশ মদাৰ
আকাশ জুৰাই
হেৰ’ নিলাজ ফাগুন
হেৰ’ উতলা ফাগুন
সলজ্জ চাৱনিৰে দুচকুত
পিন্ধিচ সেউজীয়া ‍অঞ্জন
বুকুৰ মেথনিত আটি আটি
বান্ধিছ তোৰ সোণালী যৌৱন
আলহী কুলিৰ কুৰুলিত
আহিবনেকি তোৰ প্ৰাণৰ স্পন্দন বসন্ত।