ফাগুন  ফুলাৰ  হাঁহি  –  মিতালি বৰঠাকুৰ

 ফাগুন  ফুলাৰ  হাঁহি 

 মিতালি বৰঠাকুৰ,মালিগাওঁ 

তোমাৰ  আশীৰ্বাদৰ হাত খন
আকৌ  এবাৰ পোৱা  হ’লে
জীৱনে মিচিকিয়াই  হাঁহিলে হেঁতেন ,
স্মৃতি হৈ ৰৈ গ’লা আজি তুমি জীৱন বাটত।

তোমাৰ ফাগুন ফুলা সেই হাঁহিটো
আজিও হেৰাই যোৱা নাই ,
আজিও ফুলি আছে মোৰ মানস পটত ।

সঁচাকৈ ,ভাবিলে আচৰিত লাগে
কিমান আপোন হ’ব পাৰে মৃত্যু  !
যাৰ বাবে  প্ৰিয় আত্মীয় স্বজন এৰি
দুহাতেৰে আঁকোৱালি ল’ব পাৰি
মৃত্যুৰ শীতল কোলা।

সেয়ে হয়তো তুমিও আঁতৰি গ’লা
ফাগুন ফুলা  হাঁহিটো ওঁঠত সামৰি
জোনৰ দেশত থিতাপি ল’লা ।
তথাপি মন যায় , আকৌ এবাৰ পোৱা হ’লে
তোমাৰ আশীৰ্বাদৰ  হাত খন ।