ফাগুন-পাহাৰী শইকীয়া

Pc The Janambhumi

ফাগুন

পলাশ,শিমলু,মদাৰ ফুলিল
ধুলিয়ৰি বাটেৰে ফাগুন আহিল,
আকাশ খন ৰাঙলী হ’ল!
ৰঙা আচলেৰে।
ফাগুন মানেই যেন এছাটি,
অভিমানী পছোৱা….
নিৰৱে দি যায় কোনোবা
ব্যৰ্থ প্ৰেমিকৰ বুকুত…
একুৰা বিষাদৰ জুই।
ফাগুন মানেই যে
ৰং
বসন্তৰ …কুঁহিপাতৰ
সৰাপাতৰ নিভাজ প্ৰতিশ্ৰুতি
নতুন সপোনৰ

পাহাৰী শইকীয়া,
যোৰহাট