ফাগুন তই নাহিবি – অমৰেন্দ্ৰ দাস

ফাগুন তই নাহিবি
 অমৰেন্দ্ৰ দাস,নলবাৰী
ফাগুন তই নাহিবি
তই অহাৰ বাতৰিত
পিতাইৰ দুচকু সেমেকি উঠিছে
ফাগুন তই নাহিবি
নানিবি তই তোৰ বলিয়া বতাহ।
তইটো নাজানা
তোৰ বলিয়া বতাহে উৰাই নিলে
দুখীয়া পিতাইৰ
পঁজাঘৰৰ চালিখন।
তোৰ ৰঙা ৰঙেৰে ৰাঙলী হোৱা পৃথিৱী খন
তই উভতাৰ পিছতে যেন
এচপৰা কলীয়া ডাৱৰ।
তোৰ উভতনিৰ সময়েই যে
বাউলি গাভৰু বৰদৈচিলাৰ আগমন
পিতাইৰ চকুযুৰি নিদ্ৰাহীন হৈ উঠে
বাউলি গাভৰু বৰদৈচিলাৰ ভয়ত
কেতিয়া উৰুৱাই নিয়েহি
বুকুৰ আপোন পঁজাঘৰটি।
ফাগুন তই নাহিবি
তোৰ আগমনত প্ৰকৃতি হৈ পৰে
যিমানেই সুন্দৰতা
তোৰ ভতিয়নীৰ পিছত
সিমানেই প্ৰকৃতিত চলে ধ্বংসলীলা…।