ফাগুন : কল্পনা বনাম বাস্তৱ
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা বৰপেটা
ফাগুন বুলি ক’লেই যেন সাহিত্যৰ পথাৰখনত এক আনন্দৰ খলকনিৰ সৃষ্টি হয়। সাহিত্যিকৰ কাপৰ পৰা এক নতুন প্ৰেমৰস নিঃসৰিত হয়। হওক প্ৰাকৃতিক প্ৰেম কিংবা মানৱ প্ৰেম। কল্পনাই যেন এই ফাগুনত আৰু অধিক প্ৰাণবন্ত হৈ উঠে প্ৰতিজন প্ৰাকৃতিক প্ৰেমিকৰ কল্পনাত।
যেতিয়া কবিতা পঢ়ো যেতিয়া কোনো গল্প পঢ়ো ফাগুন বিষয়ৰ এনে অনুমান হয় যেন ফাগুনতকৈ সৌন্দৰ্য্যময় সময় আৰু কোনো এটা নাই । সকলোতে মাথো প্ৰেমময় এটা পৰিৱেশ বিৰাজ কৰে। কেতিয়াবা যদি মদাৰৰ ৰঙা দলিছা পাৰি কবিক সম্ভাষণ জনাই আকৌ শিমলু, পলাশে দলিচা পাৰি আদৰি লয় আত্মিকতাৰে। কবিৰ ভাষাত ফাগুন হ’ল এক উদাস বাউলী প্ৰেমিক চৰাইৰ দৰেই যিয়ে পুৰণিৰ ৰূপ সলাই নতুনক আদৰাৰ প্ৰস্তুতি চলাই নিজক নতুন ৰূপত সজাই। এই সময়ছোৱাত প্ৰকৃতিৰ বুকুত যি ৰঙা ৰঙৰ দলিচা পাৰি বসন্তক আদৰি লয় সঁচাই মনোৰম সেই দৃশ্য। ইয়ে মানুহৰ মনবোৰকো এক বিশেষ আৱেগেৰে আৱৰি ৰাখে। ফাগুনক প্ৰায়েই প্ৰেম আৰু বিৰহৰ ঋতু হিচাপে কল্পনা কৰা হয়, য’ত এজাক পছোৱা বতাহে মনৰ মলি আঁতৰাই নতুন আশাৰ সঞ্চাৰ কৰে। ফাকুৱাৰ ৰং আৰু কুলিৰ মাতৰ মাজত ফাগুনে এক উৎসৱমুখী সুবাসৰ বতৰা দিয়ে। মুঠ কথা ফাগুন মানেই ৰঙীন চৌপাশ, আৰু শুৱলিত কুলিৰ কণ্ঠ আৰু ফাকুৰ ৰঙৰ আমেজ আৰু বসন্তৰ আগজাননী সকলো মিলি যেন এক সপোন সপোন লগা সময় উপহাৰ দিয়ে ফাগুনে।
কিন্তু কল্পনাৰ এই কোমল সুন্দৰ জগতখনৰ বিপৰীতে ফাগুনৰ এক খহটা আৰু ৰুক্ষ বাস্তৱো বিদ্যমান। বাস্তৱৰ ফাগুন ধূলি-বালি আৰু প্ৰকৃতিৰ শূন্যতাৰ এক প্ৰতিচ্ছবি বহন কৰে।। ফাগুনৰ সেই উন্মাদ পছোৱাজাকে আমাৰ চৌপাশৰ বাট-পথ আৰু ঘৰ-দুৱাৰো ধূলিৰে উপচাই পেলায়। গছৰ পৰা সৰি পৰা শুকান পাতবোৰে প্ৰকৃতিৰ এক ধূসৰ আৰু জৰাজীৰ্ণ ৰূপ উদঙাই দিয়ে। জলাশয়বোৰ শুকাই যোৱাৰ ফলত সৃষ্টি হোৱা পানীৰ নাটনি আৰু পৰিৱেশৰ অত্যাধিক শুষ্কতা মনটো বিষাদময় কৰে। এই ধূলিয়ৰী বতাহৰ সৈতে উৰি অহা বিভিন্ন বীজাণু মানুহৰ দেহত নানাধৰণৰ এলাৰ্জী বা বসন্তৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাই যিয়ে আমাৰ কাল্পনিক ফাগুনৰ সৌন্দৰ্যক ম্লান কৰি পেলায়।
প্ৰকৃততে ফাগুন হ’ল এক বৈপৰীত্যৰ নাম। ই যিদৰে আমাক পলাশৰ ৰঙেৰে সপোন দেখুৱাই, ঠিক সেইদৰে ধূলিৰ ধুমুহাৰে বাস্তৱৰ কঠোৰতাৰো পৰিচয় দিয়ে।
সকলো বস্তুৰ মুদ্ৰাৰ দৰেই দুটা পিঠি থাকে । এটা পিঠি আনটো পিঠিৰ পৰিপূৰক বুলি কোৱা হয়। আৰু দুয়ো মিলি সৌন্দৰ্য্য আৰু দ্বিগুণ কৰি তোলে। ফাগুনৰো দুটা দিশ আছে । এটা দিশত যেনেকৈ আমি প্ৰেমময় পৰিৱেশ পাওঁ আন এটা দিশত তেনেকৈ বিষাদ হে পোৱা হয়। সেয়ে কোৱা হয় কল্পনাৰ কোমল জগতখনৰ বিপৰীতে ফাগুনৰ এক খহটা আৰু ৰুক্ষতাৰ কথা পাহৰি থকাটো অকল্পনীয়।
ধূলিয়ৰি ফাগুনত অতিষ্ট হৈ ধৰিত্ৰীয়ে এজাক বৰষুণৰ অপেক্ষাত অধিৰ হৈ থাকে। আৰু প্ৰথমজাক বৰষুণৰ মৃদু স্পৰ্শত যেন সজীৱ হৈ উঠে প্ৰকৃতি। প্ৰকৃতিয়ে আমাক শিক্ষা দিয়ে অপেক্ষা যদিও কষ্টকৰ কিন্তু অপেক্ষাৰ অন্তত বিচাৰতকৈ বহুগুণে বেছি পোৱা যায়। যেনেকৈ ফাগুনৰ প্ৰথমজাক বৰষুণত প্ৰকৃতিৰ ৰূপ লাবণ্য বৃদ্ধি পায়।
প্ৰকৃততে ফাগুন হ’ল সুখ দুখৰ এক মিশ্ৰণ। ফাগুনে যিদৰে পলাশ, মদাৰৰ ৰঙেৰে সপোন দেখুৱাব পাৰে তেনেদৰে আকৌ পছোৱাৰ ধূলিৰে কঠোৰতাৰো পৰিচয় দিব পাৰে ।ফাগুনৰ এই ৰুক্ষতা অবিহনে আকৌ বসন্তৰ আগজাননী উপলব্ধি কৰা টান যেন লাগে। সৰি পৰা শুকান পাতবোৰেই হ’ল নতুন কুঁহিপাত ওলোৱাৰ পূৰ্ব চৰ্ত। সৰাপাতে যেন শিকাই যায় নতুনক আদৰিবলৈ পুৰনিখিনি বিদায় দিব লগে ,যদিও ই বিষাদময়। শিমলু, মদাৰ আৰু পলাশৰ ৰঙা ৰক্তিম ৰং আৰু ধূলিয়ৰি ফাগুনৰ পছোৱা এই দুয়োটাৰ সংমিশ্ৰণেই ফাগুনক অনন্য কৰি তোলে। ফাগুনৰ এই ধূসৰতাৰ মাজতেই লুকাই থাকে আগন্তুক বহাগৰ অপূৰ্ব সম্ভাৱনা।
