ফাগুন এনেকৈয়ে আহে – ৰিজু বৰা হাজৰিকা

ফাগুন এনেকৈয়ে আহে

ৰিজু বৰা হাজৰিকা
বোকাখাত

হালধীয়া পাতবোৰে
বিদায় লয়
লঠঙা গছবোৰে
নতুন কামিজ পিন্ধে।
জীৱনৰ ৰঙবোৰ
পলাশ,মদাৰ কৃষ্ণচূড়াৰ ডালত
ৰঙা হৈ ফুলে
দুচকুত সপোনে ঢৌ খেলে।
ধুলি উৰুৱাই পছোৱা জাকে
প্ৰেমৰ বাতৰি বিলাই
বৰদৈচিলা জনীয়ে
মেঘালী চুলি মেলি
উলাহতে গীত গাই নাচে
প্ৰেম আৰু বিৰহ
মিলন আৰু বিচ্ছেদৰ
শীতল যুদ্ধত
ধৰাশায়ী হয় প্ৰেমীক
উতলা যৌৱনৰ
মিঠা সুবাস সানি
প্ৰকৃতিও সাজু হয়
আকৌ গৰ্ভৱতী হ’বলৈ।
ফাগুন এনেকৈয়ে আহে
বছৰে বছৰে।