ফাগুন – ঋত্বিজ ঠাকুৰ

p.cPinterest

ফাগুন 

বিয়লিৰ পচোৱা বতাহজাকে দি গল
তুমি অহাৰ বতৰা
সম্পূৰ্ণ এটা বছৰৰ পিছত
তুমি আকৌ আহিলা আমাৰ মাজলৈ
তুমি অহাৰ উমান পাই
পথাৰৰ মাজত ল’ৰা বোৰেও খেলিছে
চিলা উৰুৱাৰ খেলখন
ৰঙা – নীলা চিলা বোৰে
সঁচাই, দি গল তুমি অহাৰ বতৰা
গাঁৱৰ বাটবোৰো ধুলিয়ৰি হৈ পৰিছে
তুমি অহাৰ উমান পাই
তুমি যে আমাৰ আপোন
হৃদয়স্পৰ্শা মাহ ফাগুন ।

ঋত্বিজ ঠাকুৰ