ফাগুন – উৎপল দলে

ফাগুন

উৎপল দলে
অৱসৰপ্ৰাপ্ত উপায়ুক্ত
বোকাখাত

কোনে কয় ফাগুন পাগল
য’ত তোৰ বুকুৰ ভাঁজত
আকাশী গংগাৰ প্ৰবল হিম চেঁচা পানী

দিনৰ পিছত মাহ বছৰ
কল্পনা এটা কথাৰ প্ৰেমত
বাবে বাৰে নিলাজী
বনৰ দৰে ফাগুন

বুকুত সোমায় খণ্ড
তোমাৰ পৃথিৱী
জীৱনৰ কথা সুধি
মোক শৰবিদ্ধ নকৰিবা

প্রেমত দুর্বল অনুভূতি
প্রেমত শাশ্বত
নির্ভীক হৃদয় ভাস্কর্য