ফাগুন আৰু ৰাজনীতিৰ প্ৰেম – মনোৰঞ্জন বৰা

Pc SabrangIndia

ফাগুন আৰু ৰাজনীতিৰ প্ৰেম

 মনোৰঞ্জন বৰা
গোলাঘাট, দেৰগাঁও

সময়ৰ চাকনৈয়াত আকৌ আহিল পচোৱা বতাহজাক। প্ৰেমিকৰ উন্মাদ হৃদয়খনত এতিয়া আকৌ বলিছে প্ৰেমৰ বতাহ। পলাশ , শিমলু সৰাপাতৰ মাজে মাজে ফাগুনৰ পচোৱা বতাহজাকৰ সলনি এইবাৰ নিৰ্বাচনী বতাহজাক বলিবলৈ আৰম্ভ কৰিছে অসমত । ফাগুন ভালপোৱা প্ৰেমিকৰ দৰেই অসমৰ ৰাজনীতিৰ খেল চায়ো স্তব্ধ হৈ প্ৰেমত পৰিছে অসমীয়া। ৰাজনীতি মানেই চক্ৰবেহু । য’ত এবাৰ সোমালে ওলাবলৈ সহজ নহয় ইমান।  আমি যদি এতিয়া উদাহৰণ হিচাপে সমৰ ক্ষেত্ৰখন অসম ভূমি বুলি ধৰি লওঁ , তেতিয়া দেখা যাব যে কৌৰৱ- পাণ্ডৱৰ যুদ্ধ হৈ মাটি- সম্পত্তিক লৈ আৰু এতিয়া ৰণখন হৈছে ৰাজনৈতিক আসনক লৈ  আৰু কোন কৌৰৱ , কোন পাণ্ডৱ হ’ব সেইয়া মই অসমৰ ৰাইজৰ ওপৰত এৰি দিলোঁ ! আপোনালোকে চিন্তা কৰি এইয়া বিচাৰ কৰি ল’ব।  বাকী থাকিল যুদ্ধ খনৰ কথা, যে কোনে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব ; সেইয়াও মই ৰাইজৰ মাজলৈ আগবঢ়াই দিলোঁ। আপোনালোকে বিচাৰ বিবেচনা কৰি সিদ্ধান্ত ল’ব বুলি আশা ৰাখিলোঁ ! বাকী অসমৰ ৰাইজে জানে আৰু বুজে !

নিৰ্বাচনী গৰম বতাহ জাকৰ কোব ইমান জোৰেৰে বলিবলৈ ধৰিছে যে অসমৰ ৰাজনীতি এতিয়া বঠাবিহীন নাওৰ দৰে হৈ পচোৱা বতাহত ইফালৰ পৰা সিফাললৈ, সিফালৰ পৰা ইফাললৈ যাবলৈ ধৰিছে । বাকী অসমৰ ৰাইজে জানে আৰু বুজে এই উদাহৰণটোৰ অৰ্থ কি ? ফাগুন মানেই জানো প্ৰেম নহয় ; তেন্তে এতিয়া এই ফাগুনক ৰাজনৈতিক দল বুলি ধৰি ল’ব পাৰে আৰু এই ৰাজনৈতিক দলৰ প্ৰেমত পৰিছে ৰাজনৈতিক নেতা। আজি কালি এটা প্ৰায় দেখি থকা বিষয় হৈছে যে –  কোনোবা ল’ৰা এজনে ছোৱালী এজনীক ভাল পায় আছিল আৰু তাৰ পিছত সেই ল’ৰাজনে ইজনী ছোৱালীজনীতকৈ বেছি ভাল ছোৱালী এজনী পালে তাৰ পিছত কি হয় যে  ল’ৰাজনে ইজনী ছোৱালীক পাহৰি যায়।  ঠিক সেইদৰেই উদাহৰণ আমাৰ কিছুমান ৰাজনৈতিক নেতা। এটাতকৈ আনটো দলত ভাল পাম বুলি, উচ্চ স্থান, সন্মান পাম বুলি নাইবা এটা দলত থাকি যিখিনি উন্নয়নমূলক কাম বা উন্নয়নমূলক আঁচনি কৰিবলৈ সক্ষম নহ’ল এতিয়া সেই কামসমূহ নতুনকৈ জইন হোৱা দলটোৰ যোগেদি কৰিবলৈ পাম বুলি আশা কৰে , বাকী লাভ-লোকচানৰ কথা অসমৰ ৰাইজে জানে আৰু বুজে !

নিৰ্বাচনৰ বতাহে কঢ়িয়াই আনে বিভিন্ন প্ৰতিশ্ৰুতিৰ নমুনা  কিন্তু; নিৰ্বাচনত জয় লাভ কৰাৰ পিছত ৬৫% কথাই পাহৰি যায় চৰকাৰে। অসমৰ ৰাজনীতি কোন দিশলৈ গৈ আছে সেইয়া দেখি নিশ্চয় অসমীয়াই বুজিব পাৰিছে। মানুহক উন্নয়ন লাগে কিন্তু উন্নয়নৰ নামত ৰাজনীতি নালাগে। যিদৰে চুম্বকে আকৰ্ষণো কৰিব পাৰে বিকৰ্ষণো কৰি পাৰে ঠিক সেইদৰে আকৰ্ষণ কৰিবলৈ শাসকীয় দল আৰু বিকৰ্ষণৰ কাৰণে বিৰোধী দলৰো প্ৰয়োজন কিয়নো শাসকীয় পক্ষৰ ভুল সমূহ দূৰ কৰিবলৈ বিৰোধী পক্ষৰ প্ৰয়োজন বিৰোধী পক্ষৰ থাকিলেহে শাসকীয় পক্ষই ভয় কৰি জনকল্যাণমূলক কাম-কাজ কৰিব নিজৰ আসনখন নিজৰ লগত ৰখাৰ স্বাৰ্থত। যিকিনহওক যিদৰে শাসক পক্ষৰ প্ৰয়োজন ।  ঠিক সেইদৰে বিৰোধী পক্ষৰো প্ৰয়োজন নহ’বা জনতাৰ কথা গুৰুত্ব দিবলৈ সময় নাই ৰজাঘৰীয়াৰ।

কোনো দলৰ কথা উল্লেখ নকৰোঁ এজন সাধাৰণ মানুহৰ মনৰ কথাবোৰ সংক্ষিপ্ত ভাৱে কʼলো।  লেখা পঢ়াৰ পিছত হয়তো বহুতে সমালোচনা কৰিবলৈ আগবাঢ়ি আহিব কিন্তু সঁচাটো সদায় সঁচা। যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব তেতিয়ালৈকে সঁচাটো সঁচা হৈয়ে ৰৈ থাকিব ।