ফাগুন- আস্মা ইয়াছমিন

PC - Shutterstock
ফাগুন
       আস্মা ইয়াছমিন (ৰাণী) 
ফাগুন মানেইতো নহয়
ধূলিৰে ধূসৰিত পৃথিৱী
দুষ্ট বতাহজাকৰ অবাধ্য কিৰিলি
চৌপাশ শুকান, খহতা
সেউজীয়াৰ বুকুত ধূলিৰ আলিংগন
তথাপিও ভাল লাগে ফাগুন
হয়তো তুমি আছা বাবেই
ফাগুন ৰাঙালী
ভাল লাগে ধূলিৰ ধেমালি
আৰু তুমি থকাৰ বাবেই
অশান্ত ধুমুহাও
বুকুত প্ৰশান্তি আনে
মৰুভূমিৰ বুকুত
বৰষা নামে
ডাৱৰ ফালি ৰ’দৰ কিৰণ ভাহে
এক কথাত ফাগুন কোনো পৰ্ব নহয়
বছৰত এবাৰেই আহে
আকৌ শেষ হৈ যায়
তুমি আছা বাবেই চাগে
ইমান গভীৰ
ইমান নিভাঁজ
ইমান শান্ত
চলন্ত সময়ৰ
প্ৰতিটো ক্ষণেই
মোৰ বাবে ফাগুন হৈ আহে…