ফাগুন  – আয়শা ছিদ্দিকা

Pc প্রতিবিম্ব

ফাগুন 

 আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

প্ৰকৃতিৰ বিননি শুনিছানে বাৰু
পথাৰ ফাট মেলিছে
পৰিৱেশ হৈছে মলিন
জীপাল ধৰিত্ৰী শুকাই গৈছে
ধুলিয়ৰিৰ কণিকাই তল পেলাইছে
পৃথিৱীৰ মনোমোহা সৌন্দৰ্য্য।

সেউজীয়া গছৰ পাত যেন
কলা পৰিছে বেজাৰত
ৰাস্তাৰ কাষে কাষে থকা
সুগন্ধি বিয়পোৱা ফুলথোক
অপৈনত অৱস্থাত খহি পৰিছে
পৰ্যাপ্ত অহাৰৰ অভাৱত।

কৃষকৰ সোণোৱালী সপোন যেন আজি
ধূলিৰ পৰশত জিলিকিব পাহৰিছে
উচপিছে সমতালে বিননি সুৰত
ফাগুনৰ পচোৱাৰ উত্তাল তৰংগই
বিনাশ কৰিলে উটুৱাই নিলে
বুকুত বান্ধি থোৱা আশাবোৰ।

প্ৰকৃতিয়ে ইনাই বিনাই কন্দিছে চিঞৰি
এজাক বৰষুণ বিচাৰি
গাভৰু হৈ ন ৰূপত সাজিব
সেউজী ধৰণী আকৌ সেইজ হ’ব
শান্ত হ’ব পছোৱাৰ তাণ্ডৱ
চৌদিশে সুখৰ বা বিলাব।