ফাগুন – আয়নাল হক

ফাগুন
আয়নাল হক , ধুবুৰী
ফাগুন—
তোৰ পৰশতেই যেন
হৃদয়ত বাজে প্ৰেমৰ ৰুণ-জুন !
মন যায়—
প্ৰেমিক পখী হৈ
তোৰ লঠঙা ডালত বহি
বসন্তৰ আৱাহনী গীতেৰে
সৰগ সজাম।
মন যায়—
পলাশ,শিমলুৰ আবিৰ সানি
পছোৱা বলা আবেলিবোৰত
শুকুলা কঁহুৱাৰ নাচোনেৰে
কাৰোবাৰ পলাশী হৃদয়ত
কবিতাৰ মালিতা গুজি দিম।
ফাগুন–
তোক কেতিয়াও নকওঁ দুষ্ট বুলি
তইয়েতো শীতৰ কুঁৱলী ফালি
উপহাৰ দিয় এখন প্ৰেমৰ পৃথিৱী !
অনুৰাগৰ ঢৌৱে ঢৌৱে
শুভ্ৰ মেঘৰ দলিচাত
লিখি যাম জীৱন-গীতি।