ফাগুন অহাৰ বাটে বাটে – নিৰ্মিতা বৰগোহাঁই

ফাগুন অহাৰ বাটে বাটে

নিৰ্মিতা বৰগোহাঁই
গুৱাহাটী

ফাগুন,
তই অহাৰ বাটে বাটে
সৰি পৰে
বিৰিখৰ হালধীয়া পাত

তোৰ পৰশত,
লঠঙা ডালে ডালে
ৰঙীন হৈ পৰে
শিমলু পলাশ

ফাগুন,
তই আহিলেই
চঞ্চলা চিলা হৈ
চুব পাৰোঁ ধুনীয়া আকাশ।