ফাগুন- অনামিকা কলিতা

Pc Jagonews24

ফাগুন

অনামিকা কলিতা

ফাগুন মানেই সৰাপাতৰ চিঠি বিলাই ফুৰা ।
ফাগুন মানেই উতলা, উন্মনা, চঞ্চলা ।
ফাগুন মানেইটো হেপাহ, আশাৰ ৰেঙনি।
ৰিব ৰিব মলয়াই কাণে কাণে কয় জাই
পলাশ , মদাৰ ,শিমলু ৰঙা হ’ল ।
এয়াই যে ফাগুন ।।
ফাগুন মানেই এজাক চঞ্চলা বতাহ।
পুৱাৰ কুৱলি ফালি ৰেঙিয়াই অহা
বেলিতিয়ে যেন দি যায় ফাগুন অহাৰ বতৰা
নীল আকাশ ৰঙীন কৰি সংগোপনে
আহিছে ফাগুন।
অভিমানী ফাগুনে আনিছে গোপনে
প্ৰেমৰ বতৰা ।
ফাগুন মানেই এজাক বতাহ, চুই যোৱা
হৃদয়ৰ কপনি ।
ফাগুনে দিয়ে আশাৰ ৰেঙনি ।
ফাগুনে আনে সৃষ্টিৰ বতৰা ।
ফাগুন তুলনাবিহীন, দিয়ে সেউজীয়াৰ ঠিকনা ,
ফাগুন দুষ্ট অভিমানী।