ফাগুনৰ ৰং
শৈলেন কুমাৰ, মিৰ্জা
পচোৱাই দি যায় ফাগুনৰে জাননী,
শিমলুৰ ৰঙত কঁপাই ধৰণী।
শুকান পাতৰ চেওঁত বিৰিঙিছে হাঁহি,
বতাহত উৰিছে ফাগুনৰে বাঁহী।
আকাশত উৰে আজি ৰঙৰ ফাকু,
উলাহত নাচে মোৰ হিয়াৰ পাখি।
আবিৰৰ বোলত হেৰাইছে দুখ,
ফাকুৱাৰ ৰঙে সানিলে সবাৰে মুখ।
শুকান পাতৰ মৰমৰ শব্দত
আজি ফাগুনৰ কি যে মাদকতা
লঠঙা ডালত শিমলুৰ কলি,
প্ৰকৃতিয়ে আঁকিলে ৰঙীন আল্পনা।
আবিৰৰ ফাকুত বিলীন আজি
মনৰ যতেক দুখৰ ধূলি,
ফাকুৱাৰ ৰঙে আনিলে হেঁপাহ
প্ৰতিটো প্ৰাণত আনন্দ সানি।
বসন্তৰ দুতৰ এই মধুৰ বেলাত
হওক সকলোৰে জীৱন জিলমিল,
মৰম আৰু বিশ্বাসৰ ৰঙেৰে
বান্ধ খাওক একতাৰ নিবিড় মিল।
