ফাগুনৰ ৰং
মৰমী আহমেদ
নুসুধিবা তুমি
ফাগুনৰ ৰং কি
নুসুধিবা না
ফাগুন কিয় ৰঙা বুলি
ধূলিয়ৰি বাটেৰে অহা
ফাগুনৰ হাঁহিত
চৌদিশে ফুলি উঠে
পলাশ,শিমলু আৰু মদাৰৰ স্মৃতি
ৰঙা ওৰণিখন টানি
চুচুক চামাক্ কৈ নামি অহা
ফাগুন আজি আনন্দিত
শুকাই মৰহি যোৱা
অনুভৱৰ সেউজীয়াবোৰত
আহি সানি দিম বুলি
এমুঠি ৰঙা আবিৰ
ফাগুন আজি সঁচাকৈ আনন্দিত
সৰাপাতেৰে ভৰি পৰা বাট, চোতালত বহি
কৰিব যে নানা দুষ্টালি
পছোৱাৰ লগে লগে বাটৰুৱা পথিকৰ চকুত সোমাই
যোৱা ধূলিৰ সৰু সৰু আমনিবোৰ দেখিলে
যোৱা ধূলিৰ সৰু সৰু আমনিবোৰ দেখিলে
ফাগুনে যেন চিঞৰি চিঞৰি
সকলোকে কব _
” ঐ চা মই কেৱল ৰঙীণে নহয়
মোৰ আছে বহু ধৃতিৰালি ।”
