ফাগুনৰ ৰং – পপী বৰা

Pc অসমীয়া ৱিকিপিডিয়া- Wikipedia

ফাগুনৰ ৰং

পপী বৰা

ফাগুন অহাৰ সময়ত প্ৰকৃতিয়ে নতুন ৰূপ লয়,
সৰাপাতে যদি মাটি ঢাকি যায়
 শিমলু ফুলে আকৌ আকাশ চুব খোজে,
মদাৰৰে ফুল মাটিত ভৰি পৰে ডাল ভাঙি
তাতে পলাশে ৰঙীন কাপোৰ পিন্ধে ,
 প্ৰকৃতিৰ নতুন ৰূপ দি সৰাপাতৰ চাদৰৰে ঢাকি ৰাখে প্ৰকৃতিৰ বুকু!
আন হাতে শিমলু ফুলে আকাশ চুবলে বিচাৰে
ফুল বোৰ ৰঙীন কৰি আকাশৰ নীলা খিনিত সুন্দৰ ৰূপত সজাবলৈ,
আকৌ পলাশে কাপোৰ পিন্ধিবলৈ ৰৈ থাকে
 ফাগুন অহা লৈ,
মদাৰৰে ফুল পৰে ডাল ভাঙি হয় ৰঙচুৱা পৃথিৱী,
প্ৰকৃতিৰ বুকু সজ্জিত কৰি তুলিছে
ফাগুনৰ পচোৱা বতাহ জাকে দি যায় সৰাপাতৰ বাতৰি
যিয়ে আমাক প্ৰকৃতিৰ সৌন্দৰ্যতা
উপলদ্ধি কৰায় ।