ফাগুনৰ ৰং –  ছেলিমা বেগম 

ফাগুনৰ ৰং  
ছেলিমা বেগম 
জিলা নগাঁও ,অসম
সৰা পাতে কাণে কাণে ফুচ-ফুচ্
কৰি কৈ দিলে ,
 ফাগুনৰ ৰং  লাগিছে
চৌপাশে কেৱল ৰঙা ৰঙে ভুমুকি মাৰিলে
পলাশ, মদাৰ, শিমলু কৃষ্ণচূড়াৰ
ৰঙেৰে সজাই তুলিছে ধৰণী,
আঃ! কি যেন মনোমুগ্ধকৰ ফাগুন!
 পছোৱা বতাহ জাক আহি  উৰুৱাই
নিলে ধৰণী’ৰ বুকু খনৰ চাদৰ
 ধূলিয়ৰি আকাশত ফাগুন ফাগুন লাগিছে।
এটা এটাকৈ শিমলু ফুলিবলৈ আৰম্ভ কৰিছে
প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজত
ফাগুন গাভৰু হ’বলৈ ধৰিলে।
তাকে দেখি লঠঙা ডালত
শিমলু ফুলিলে ফাগুনৰ ৰং সানি
ভূমণ্ডল খনে পিন্ধি লৈছে
মদাৰ, পলাশৰ ফুলাম চাদৰ,
ধৰণী চাই হাঁহি আছে
আনন্দ মনেৰে উফ্ঃ ফাগুন!
তোৰ প্ৰশংসা কৰিবলৈ
 ফুলেৰে সজাই তুলিছে
মদাৰ ফুল মালা গাঁঠি লৈ আহিছে
ফাগুনী’ক পিন্ধাই দিবলৈ।
ঘাঁহনি, বননি ৰৈ আছে
 এজাক বৰষুণৰ আশাত
নিজৰ বুকুতে পাই ঠন ধৰি উঠিবলৈ ।
সেউজীয়া  পথাৰ খন সজাই তুলিবলৈ ।
ফাকুৱা উৎসৱ আনি দিব সাত ৰঙৰ ৰং
ফাগুণী’য়ে উৰুৱাই দিব প্ৰেয়সী’ৰ চুলিকোচা
তাকে চাবলৈ পছোৱা বতাহ জাক
ৰৈ আশাৰে বাট চাই।