ফাগুনৰ মতলীয়া হোৱাৰ বাটেৰে
অভিমানৰ টোপোলাটো ধূলিৰ কণিকা হৈ ওলমি ৰ’ব এখিলা শুকান পাতত।অভিমান আৰু ধূলিবোৰ একাকাৰ হ’ব;ফাগুনৰ মতলীয়াজাকে আৰু ধূলিবোৰ সিঁচিব,চকুৰে নেদেখা কৰি।এতিয়ানো সজীৱতা ক’ত!!হয়তো নাই।তাৰ মাজতো কিন্তু আশা;ধৰাৰ বুকু সেউজীয়া হোৱাৰ,পলাশে ৰাঙলী কৰাৰ।হঠাৎ ….,এটোপ দোটোপকৈ ভাললগা হৈ এজাক বৰষুণ সৰিব।য’ত হাজাৰটা এজাৰবুলীয়া অভিমান ধুলি হৈ থূপ খাব ফুলি ৰোঁৱা পলাশৰ এটি কোমল পাহিত অথবা এটি শুকান পাতত ।আকৌ এবাৰ ভাললগাবোৰ যেন গজালি মেলিব আৰু সেউজীয়াজাক ভালপোৱা হৈ মিচিকিয়াই উঠিব ;বসন্তৰ টোপালত।জী উঠিব সকলোবোৰ।সেয়ে কয় আশাৰ শেষ কেতিয়াও নহয়,মাথো নকৈ পোখাই সকলো সজীৱ হৈ …।
অনন্যা পূজাৰী
বোকাখাত