ফাগুনৰ প্ৰথমজাক বৰষুণ
বিশ্বজিৎ বৈশ্য,
বংশৰ, শুৱালকুছি
ফাগুনৰ প্ৰথম কিনকিনীয়া বৰষুণজাকে ধূলিৰ কুৱলী ধুৱাই প্ৰকৃতিৰ লগতে জীৱকুললৈ আশাৰ বতৰা কঢ়িয়াই আনে। যত শুকান পাতবোৰ সৰে আৰু লঠঙা হোৱা দেখা যায় আৰু গছবোৰে নতুন কুঁহিপাতৰ সম্ভাৱনা কঢ়িয়াই আনে। এই বৰষুণ জাকে অন্য এক মাত্ৰা দিয়ে, যাৰ পৰশত মাটিৰ মলমলীয়া গোন্ধৰে মন প্ৰাণ ভৰাই তোলে। খেতিৰ বাবে মাটিৰ উৰ্বৰতাৰ লগতো এৰাব নোৱৰা সম্পৰ্ক আছে। এইজাক বৰষুণৰ শেষত বীজ আদি সিচি শস্য উৎপাদন কৰা দেখা যায় । সমান্তৰালভাৱে বসন্তৰ আগমনৰ বতৰা দিয়া এই বৰষুণক প্ৰেম আৰু প্ৰাপ্তিৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়।।
