ফাগুনৰ পছোৱা- কমলেশ কাঞ্চন

ফাগুনৰ পছোৱা
চিৰ যৌৱনা ফাগুনৰ পছোৱাৰ স’তে
তোমাৰ কেতিয়াৰ সম্বন্ধ ক’বানে?
ভাব হয় তুমি মোৰ ফাগুন।
ফাগুনৰ বতাহত উৰি অহা ধূলিয়ে আকাশখন
যেতিয়া ধূসৰ কৰি তুলিছিল
সেইদিনা তোমাক
ওচৰত পাবলৈ মন গৈছিল। ভাল লাগে সেই ক্ষণ
যেতিয়া শীতে বিদায় ল’বলৈ মোৰ
ওচৰত আহে এক উষ্ণতাৰ অনুভৱ লৈ।
ৰঙা শিমলুৰ পাহিত পৰি
মইনা চৰাইটোৱে যেতিয়া আকাশখনলৈ চাই আছিল
নামি আহিছিল সৰু সৰু বৃষ্টিৰ কণিকা
জীপাল হৈ উঠিছিল নগ্ন বৃক্ষ-তৃণ-লতা।
বহুত দিন পিছত গা ধুই
আয়ে সাজু হৈছিল অসমীয়া নৱবৰ্ষক আদৰিবলৈ।
কুঁহিপাতৰ আঁৰে আঁৰে কুলি চৰায়ে
লুকা-ভাকু খেলিছিল আৰু সুমধুৰ কণ্ঠৰে মাতিছিল
সিহঁতৰ ৰাস লীলা দেখি
হৃদয়ৰ নিভৃত কোনৰ মৰমে তোমাৰ ওচৰলৈ
উৰা মাৰিছিল!
নালাগে ১৪ ফেব্ৰুৱাৰী
তোমাৰ প্ৰেমত পৰিবলৈ।
ৰঙালীত যেতিয়া ৰঙীন হ’ব অসমী আই
তুমি যেতিয়া ৰাংধালী হৈ নাচিবা তেতিয়া আমি
উদযাপন কৰিম ভেলেন্টাইন ডে।
ৰঙা-নীলা পোহৰত
পাশ্চাত্য সংগীতৰ তালত হাতত হুইস্কিৰ বটল লৈ
প্ৰেম নিবেদন কৰা
নৃত্য পটীয়সী সুন্দৰীৰ প্ৰেমে জীয়াই ৰাখিছে নেকি
ভেলেন্টাইন ডেৰ সুবাস!
এপাহি ৰঙা গোলাপৰ পাহি হৈ
হৃদয় জুৰাবা আনিবা প্ৰেমৰ প্লাৱন এই ক্ষুদ্ৰ জীৱলৈ
নাৰাখিবা মৰমৰ বাবে কোনো এটা দিন॥
কমলেশ কাঞ্চন