ফাগুনৰ কথকতা
ৰশ্মি ৰেখা দুৱৰা
বৰপথাৰ কোঁৱৰ গাঁও
লাজ ঢাকিবৰ বাবেও একো নাই
‘ফাগুন’ তই সঁচায়ে বাউলি অ’
পলাশ,মদাৰ,শিমলুবোৰো সৰিল
হাঁহিলেও মোৰ ভুল নাই
বাউলি ফাগুনে পছোৱাজাকত মাতাল হৈ
উৰুৱাই লৈ গ’ল দেহৰ পোছাক
পুৰণি হৈছিল,ক’ৰবাত ফাটিছিল
বেজীৰ জলঙাৰে টাপলি মৰালৈ ৰৈ নাথাকিল
ডেকা-গাভৰুৰ মন তয়েই উতলা কৰিছ
উন্মনা ফাগুনত উতনুৱা হৈ
দুখনি হৃদয়েৰে সপোন ৰচিছে
তোৰ দেহত পুনৰ ভৰিব হাজাৰযোৰ পোছাকে
কঢ়িয়াই আনিব ৰঙৰ বাতৰি
কোনে? ‘ফাগুন’ তই দি গ’লি এসোপামান লাজ
লাজৰ ওৰণি ঢাকিবলৈ কোন আহিব?
মই নাহোঁ,বসন্তৰ বিননিত চ’ত-ব’হাগে আনিব
সেউজীয়া ৰঙৰ পোছাক
ঢোল-পেঁপাই লহৰ তুলিব
নাচনীয়ে দুহাত মেলি নাচিব
ধূলিয়ৰি বাটেৰে কঢ়িয়াই আনিব ৰঙৰ সৌৰভ
তোৰ ডালতেই বহু পক্ষীয়ে গীত জুৰিব
তই আনন্দত বিভোৰ হ’বি,
নতুনৰ সুবাসত তোক নাপাহৰোঁ
পুনৰ সোঁৱৰিম,
উকা শৰীৰে জীৱন কটোৱা যে কিমান কঠিন
ভাবিছিলোঁ শূন্যতেই সৰ্বস্ব শেষ
শেষ নহয় নতুনৰ শুভাৰম্ভণিহে !
সেউজীয়া পোছাকত শুৱাই তুলিবনে মোক
নুশুৱালেও কথা নাই
বহুদিনৰ অন্তত মন ভৰাই তুলিব।