ফাগুনে শিকোৱা পাঠ
দৰ্শিতা নেওগ
যোৰহাট
ফাগুনে কেতিয়াও চিঞৰি নকয়
“মই আহিছোঁ”—
তেওঁ নিঃশব্দে সলায় দৃশ্য,
সলায় মনৰ দিশোঁ।
শুকান পাত সৰি পৰা
হৈ নোৱাৰে পৰাজয়,
পুৰণিক এৰি দিয়াৰ সাহসেই
নতুনৰ প্ৰথম জয়।
গছৰ নাঙল ডালিতো
সেউজীয়া সপোন জাগে,
দুখে খালি কৰা হৃদয়ত
আশাই থুপ খাই ভৰে।
ফাগুনে বুজায়—
সময় সদায় একে নাথাকে,
কঠিন ঋতুৰ পাছতেই
নম্ৰ পোহৰও আহে ।
তেনে জীৱনতো যদি
আহে বিষাদৰ দিন,
মনটো ৰাখা বিশ্বাসেৰে—
ফাগুন আহিব নিশ্চয়েই চিন।
