ফাগুনে মোক ব্যথিত কৰে – আয়শা ছিদ্দিকা

Pc SounfdCloud

ফাগুনে মোক ব্যথিত কৰে

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

ফাগুন মই বেয়া পাওঁ।
হয় ঠিকেই শুনিছে
ফাগুন মই বেয়া পাওঁ।

ফাগুনৰ পছোৱাই যেতিয়া
নদীৰ দাঁতিত থকা আইতাৰ
পঁজাঘৰখনৰ ছাউনী উৰুৱাই নিয়ে
আইতাৰ ফেঁকুৰি উঠা
আধা ভঙা মাত মোৰ হৃদয়ত বাজে।

ফাট মেলা পথাৰত যেতিয়া
এজাক বৰষুণৰ আশাত
মেঘশূন্য আকাশলৈ যেতিয়া
কৃষকে দুহাত তুলি কৰযোৰে
মিনতি কৰে এটি দীৰ্ঘশ্বাস এৰি
সেই হুমুনিয়া মোৰ কাণত বাজে।

বাষ্পহীন শুষ্ক বতাহৰ সংস্পৰ্শত
যেতিয়া শৰীৰৰ ছাল ফাট মেলি
নিগৰি নিগৰি তেজ বয়
তেতিয়া পলাশ, শিমলু, মদাৰৰ
ৰক্তিম ৰঙা ৰঙখিনিয়ে মোক যেন
আৰু বেছি আতংকিত কৰি তোলে।

ধূলিয়ৰি ফাগুনৰ ধূলিৰ কণিকা
যেতিয়া বিষাক্ত ৰূপে নাকে মুখে
সোমাই সুস্থ শৰীৰ অসুস্থ কৰে
চকুত আঘাত সানে বৰকৈ
ফাগুনৰ ৰূপ গৰিমা সকলো যেন
ক্ষণিকতে ম্লান হৈ পৰে।

মোৰ পৰিস্কাৰ চোতালত বাৰীৰ
সৰা পাতবোৰ আহে ইনাই বিনাই
নীৰৱ এক বেদনা বুকুত সোমাই
এই যে ধৰাক নতুনৰূপত সজাব বুলি
আত্মবিসৰ্জন দিলে সৰাপাতে
প্ৰকৃতিপ্ৰেমীয়ে সেইয়া গচকি
কবিতা লিখে ফাগুন মানেই
“প্ৰেম প্ৰেম লগা সময়।

 ফাগুনে মোক ব্যথিত কৰে
যিখিনি কুলিৰ মিঠা মাত,
ৰংচঙীয়া পৰিবেশে জুৰাব নোৱাৰে
সেয়ে মই ফাগুন বেয়া পাওঁ।