ফাগুণ – মিতালি বৰঠাকুৰ

Pc Janomot

ফাগুণ

মিতালি বৰঠাকুৰ, মালিগাওঁ, গুৱাহাটী

ফাগুণৰ ৰং উৰুঙা মনেহে জানে
সৰা পাতৰ ভাঁজে ভাঁজে
লাজে লাজে সামৰি থয় অভিমানী মনৰ উদাৰতা
নীলা আকাশত পলাশৰ ৰঙা ৰং হৈ উৰে
ফাগুনৰ বতৰা
থাপ মাৰি পলকতে আঁচলত সামৰি থওঁ
ধুলিয়ৰী ফাগুনৰ তেজোদীপ্ত বৰণ
তুমি অহালৈ বাট চাই ৰওঁ
সানি দিবা দুগালত ফাগুণৰ পলাশী আবিৰ
জিৰাবহি আঁচলত এমুঠি ফাগণৰ ৰং
দুচকুত  বৈ যাব ফাগুণৰ অভিমানী ৰং
প্ৰেমৰ বতৰা লৈ ।