ফাকুৱা উৎসৱ: অসমীয়া ঐতিহ্যৰ আধ্যাত্মিক যাত্ৰা – উৰিশ্মা নাথ 

ফাকুৱা উৎসৱ: অসমীয়া ঐতিহ্যৰ আধ্যাত্মিক যাত্ৰা

উৰিশ্মা নাথ 
গৰুখুটি (দৰং)

বসন্তৰ দুৱাৰ খুলি
ফাগুনে উৰালে ধূলি,
মন হ’ল উদুলি-মুদুলি
গছে-বনে নতুনৰ দোলনি।”

ফাগুণ মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰে ৰঙৰ উৎসৱ। এই উৎসৱ আনন্দ-উল্লাস, একতা আৰু মিলনৰ প্ৰতীক। ফাকুৱাক হোলী, দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়। ইয়াৰ আৰম্ভণি কেতিয়া হ’ল , সেইটো সঠিককৈ ক’ব নোৱাৰি। ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে।

পৌৰাণিক আখ্যানত এই দিনটোক ‘কাম দহনৰ দিন’ বুলি উল্লেখ কৰিছে। আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল। কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যাত বিলীন হৈ আছিল। তেওঁৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক ‘কামবাণ’ নিক্ষেপ কৰিবলৈ দিছিল। মহাদেৱৰ তপ ভংগ হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে। তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভূত হয়। কামদহনৰ এই আখ্যানে মূলত সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগৰেই প্ৰতিনিধিত্ব কৰে।

ঠিক তেনেদৰে দৈত্যৰাজ হিৰণ্যকশিপুৱে ভগৱান বিষ্ণু ভক্ত পুত্ৰ প্ৰহ্লাদক মাৰিবৰ উদ্দেশ্যে ভনীয়েক ‘ হোলিকা’ৰ কোলাত বহুৱাই জুই লগাই দিছিল। কাৰণ হোলিকাক জুয়ে নোপোৰে । কিন্তু ওলোটাটোহে হ’ল , হোলিকা জুইত ভস্মীভূত হ’ল। সেয়ে অশুভ শক্তিক নাশ কৰিবৰ বাবেই ‘ হোলি’ৰ আগদিনা মেজি পুৰি বা মেঘ দাহ কৰি এই কাহিনী ৰোমন্থন কৰা হয়।

এই উৎসৱ মাঘ মাহৰ শ্ৰী পঞ্চমী তিথিত স্বৰ্গত অনুষ্ঠিত হৈছিল বুলিও বৃহৎ সাৰাৱলী কৃষ্ণলীলাত উল্লেখ আছে। দেৱতাসকলে স্বৰ্গত সৰস্বতী দেৱীক ফাকুৰে পূজা কৰিছিল। তেনেতে মৰ্ত্যত শ্ৰীকৃষ্ণই ৰাধাক বাঁহী বজাই থকা শুনি বাঁহীৰ মাতত আপ্লুত হৈ ৰাধা- কৃষ্ণক ফাকুৰে বুৰাই পেলালেহি।

আমাৰ অসমৰ উজনি আৰু নামনিত এই উৎসৱ দুই ধৰণেৰে পালন কৰা দেখা যায়। পুৰোহিত দৰ্পণৰ মতে পূৰ্ণিমাৰ পৰা পঞ্চমী পৰ্য্ন্ত ছটা তিথিতেই দৌলযাত্ৰা কৰিব পাৰি যদিও পূৰ্ণিমাৰ দৌলেই প্ৰশস্ত। .. ফাগুন্যাং ক্ৰীয়নং কুৰ্যাত দোলায়াং ভূমিপ..

সাধাৰণতে এই উৎসৱ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। পূৰ্ণিমাৰ আগদিনা অৰ্থাৎ চতুৰ্দশীৰ দিনা অধিবাস বা মেঘদাহ । দোলন মণ্ডপৰ পূৱফালে এটা খেৰৰ মেজি বা খেৰৰ ঘৰ নিৰ্মাণ কৰা হয় আৰু তাতে মেঘ ৰখা হয়। পাছত মেঘৰ মাত্ৰ প্ৰতীকী ৰূপত নোমহে পুৰিবলৈ দিয়া হয়। ইয়াৰ অন্তৰালৰ ভাৱ হ’ল দুস্কৃতিক বিনাশ কৰা। মেঘ দাহৰ পাছদিনা গোবিন্দৰ পূজা, নাম- কীৰ্তন আদি চলে। তাৰ পাছদিনা দোলাত আৰোহণ কৰাই আবিৰ, কুমকুম আদিৰে বিভিন্ন ৰঙৰ খেলা খেলি ফাকুৱাৰ গীত গাই কৃষ্ণ মূৰ্ত্তিক ভ্ৰমণ কৰোৱা হয়- কীৰ্তনৰ ওড়েষা বৰ্ণনত উল্লেখ আছে – “ ফালগুনীত গোবিন্দক তুলিয়া দোলত দোল যাত্ৰা কৰে মহোৎসৱে সিবেলাত।”

দৌল উৎসৱ পালন কৰাৰ ক্ষেত্ৰত সত্ৰ সমূহৰ অৱদান উল্লেখ যোগ্য। ভাগৱতৰ দ্বিতীয় স্কন্ধত বৈকুন্ঠত যি ফাকুৱা উৎসৱৰ বৰ্ণনা আছে, তাৰ পৰাই হয়তো আভাস লৈ মহাপুৰুষ শঙ্কৰদেৱে ২১ বছৰ বয়সতে বৰদোৱা সত্ৰত ফাকুৱা উৎসৱ পালন কৰিছিল। পাছলৈ বৰদোৱাৰ অনুকৰণতে বৰপেটা, কমলাবাৰী, মধুপুৰ, বেঙেনাআটি আদি বিভিন্ন সত্ৰত উলহ- মালহেৰে এই উৎসৱ পালন কৰা হয়। অৱশ্যে সকলোৰে ৰীতি- নীতি একে নহয়।

বৰপেটা সত্ৰত ফাগুন মাহৰ পূৰ্ণিমাত পাঁচদিনীয়াকৈ পতা উৎসৱক ‘ বুঢ়া দেউল’ আৰু চ’ত মাহৰ পূৰ্ণিমাত তিনিদিনীয়াকৈ পতা উৎসবক ‘ ডেকা দেউল’ বুলি কোৱা হয়।

উজনি অসমৰ বহু ঠাইত এই উৎসৱ দুদিনীয়া বা তিনি দিনীয়াকৈ পতা হয়। আগৰ দৰেই সকলোৱে একেলগে ফাকু ছটিয়াই- সানি কৰা স্ফুৰ্তি, মাহ- প্ৰসাদ-মিঠৈ আদি বিতৰণ, গোঁসাই ফুৰোৱা এইবোৰ আজিও বিদ্যমান।

আজিকালি বহু ঠাইত ফাকুৱাৰ পবিত্ৰতা যেন কিছু পৰিমাণে ম্লান হৈছে। দুষ্ট কিছু লোকে এই উৎসৱৰ সুযোগ লৈ মহিলাসকলক ফাকু সনাৰ চলেৰে গাত হাত দিয়া দেখা যায়। এয়া নিশ্চয় শুভ লক্ষণ নহয়। কিছু কিছু অঞ্চলত আকৌ ‘ ৰেইন দান্স ‘ বুলি ফাকুৱাত কৃত্ৰিম বৰষুণত কিছুলোকক নচা দেখা যায়, যিটো বৰ দৃষ্টি কটু।

শেষত মই এষাৰ কথাই ক’ব বিচাৰিছো যে, আমি সকলোৱে ফাকুৱা উৎসৱৰ বিশুদ্ধতা আৰু মিলা- প্ৰীতিৰ ভাৱ অটুট ৰাখিবলৈ সদায় যত্নপৰ হ’ব লাগিব।