ফাকুৰ ৰং – ইভা গন্ধীয়া ফুকন

PC- Times of India

অণু গল্প

ফাকুৰ ৰং

ইভা গন্ধীয়া ফুকন

ল’ৰা ছোৱালী বিলাকৰ মনত বৰ ফূৰ্তি ফাকুৱা বুলি ।হাতে হাতে ফিচকাৰি, ৰঙৰ পেকেট লৈ ইজনে সিজনৰ গাত লগাই আনন্দত মতলীয়া হৈ আছে ।মৰমীহঁতৰ চুবুৰীত ছোৱালী বোৱাৰী সকলোৱে ৰং খেলি ফূৰ্তি কৰে ।এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই ।ইজনীয়ে সিজনীৰ গাত ৰং সানি সৰুৱে ডাঙৰক চৰণত ৰং সানি আর্শীবাদ লৈছে ।মৰমীয়ে এইবাৰ হোলী খেলিবলৈ ওলায় যোৱা নাই ।স্বামী ঢুকোৱা এবছৰে হোৱা নাই ,এই দুখ তাই পাহৰিব পৰা নাই । তাই অকলে ঘৰতে সোমাই আছে । ল’ৰা ছোৱালী সকলো নিজ নিজ কৰ্মস্থানত ঘৰৰ পৰা বাহিৰত থাকে । মৰমীয়ে সংগী হিচাপে এজনী ছোৱালীক লগত ৰাখিছে । তাইয়ো হোলী খেলিবলৈ ওলাই গৈছে । ওচৰৰ মহিলা সকলে হোলী খেলা তাই বাৰাণ্ডাত বহি চাই আছে । পুৰণা দিনৰ স্মৃতি সোঁৱৰি “হেৰা হোলী খেলিবলৈ যোৱা আকৌ কামতে লাগি থাকিবা নে লগৰীহঁত আহিলেই” বুলি স্বামীদেৱে কোৱা কথা কাণত বাজিছে ।কেইগৰাকীমান লগৰীয়ে মৰমী হোলী খেলো আহ বুলি মাত দিছে । তাৰে এগৰাকীয়ে কৈছে তাই হোলী খেলিব নাপায় তাইক ফাকুৰ ৰং নাসানিবি তাই যে বিধৱা । এই কথাষাৰে মৰমীৰ মনত ক্ষোভ, দুখ দুয়োটাই ক্ৰিয়া কৰিব ধৰিলে। কি কয় এইবোৰ কি আমাৰ সমাজৰ নিয়ম নীতি । স্বামীৰ মৃত্যু হ’ল বুলি মৰমীৰো ফূৰ্তি ,ৰং সকলো শেষ নে ???