ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি চতুৰ্থবাৰলৈ ইউৰো কাপ খিতাপ জিনিলে স্পেইনে

ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি চতুৰ্থবাৰলৈ ইউৰো কাপ খিতাপ জিনিলে স্পেইনে

ৰঙিলী বাৰ্ত্তাসেৱা- ইউৰো কাপৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক জয় লাভ এক নতুন ইতিহাস সৃষ্টি কৰিলে স্পেইনে। চাৰিবাৰকৈ ইউৰো কাপ দখল কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় স্পেইন।  জাৰ্মানীৰ ৰাজধানীবাৰ্লিনৰ অলিম্পিয়া ষ্টেডিয়নত অনুষ্ঠিত ইউৰো কাপ ২০২৪ ৰ ফাইনেল খেলখনত স্পেইনে ২-১ গ’লৰ ব্যৱধানত ইংলেণ্ডক পৰাস্ত কৰে  ৷ দলটোৱে ইউৰো চেম্পিয়নশ্বিপত জয়লাভ কৰি ১২ বছৰীয়া এক দীঘলীয়া অপেক্ষাৰ অন্ত পেলায়। একে সময়তে ইংলেণ্ডে একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু প্ৰথমবাৰৰ বাবে ইউৰো কাপ চেম্পিয়ন হোৱাৰ সপোন পুনৰ চূৰমাৰ হৈ পৰিছিল।খেলৰ ৪৭ মিনিটত ইংলেণ্ডৰ বিৰুদ্ধে স্পেইনৰ নিকো উইলিয়ামছে প্ৰথমটো গ’ল দিয়ে। ইংলেণ্ডে প্ৰথমটো গ’ল দি সমতা স্থাপনৰ বাবে বহু চেষ্টা কৰিছিল যদিও সফল নহ’ল। ৭৩ মিনিটত ইংলেণ্ডে গ’ল কৰে। ১-১ গ’লত ড্ৰ’ হোৱাৰ পাছত মেচখনৰ উত্তেজনা আৰু বাঢ়িল। দুয়োপক্ষই অগ্ৰগতি লাভ কৰিবলৈ চেষ্টা কৰিছিল যদিও মেচৰ  ৮৬ মিনিটত স্পেইনে দ্বিতীয়টো গ’ল দি ইউৰো চেম্পিয়নশ্বিপ দখল কৰে। স্পেইনে শেষবাৰৰ বাবে ২০১২ চনত ইউৰো কাপ দখল কৰিছিল। ১২ বছৰ অপেক্ষা কৰাৰ পিছত দলটোৱে পুনৰ ইউৰো কাপ দখল কৰাত সফল হ’ল। ২০২০ চনৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছত ইংলেণ্ড দলটোৱে ট্ৰফী জয়ৰ সপোন লৈ পুনৰ ফাইনেললৈকে আহিছিল যদিও স্পেইনে তেওঁলোকক পৰাস্ত কৰি অনুৰাগীৰ আশা চূৰমাৰ কৰিছিল। ১৯৬৪, ২০০৮ আৰু ২০১২ চনত স্পেনিছ দলটোৱে এই খিতাপ দখল কৰিছিল আৰু এইবাৰো ইংলেণ্ডক পৰাস্ত কৰি ২০২৪ চনৰ ইউৰোপীয় চেম্পিয়নশ্বিপত জয়ী হৈছিল। ৪ বাৰকৈ ইউৰো কাপ জয় কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে স্পেইন। জাৰ্মানীয়ে তিনিবাৰকৈ জয়ী হোৱাৰ বিপৰীতে ইংলেণ্ড দলটোৱে ৬৬ বছৰীয়া ইতিহাসত এবাৰো এই খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাই।