ফাইজান আহমেদৰ ৰহস্যজনক মৃত্যু তদন্তৰ নতুন মোৰ

ফাইজান আহমেদৰ ৰহস্যজনক মৃত্যু তদন্তৰ নতুন মোৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  আই আই টি খড়গপুৰৰ হোষ্টেলত ৰহস্যজনক মৃত্যু হোৱা অসম সন্তান ফাইজান আহমেদৰ মৃত্যু তদন্তই লৈছে নতুন মোৰ। ফাইজানৰ মৃত্যুৰ ঘটনা তদন্ত কৰিবলৈ কলকাতা উচ্চ ন্যায়ালয়ে গঠন কৰিছে এখন বিশেষ কমিটী। ফাইজান আহমেদৰ দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত পোহৰলৈ আহিছিল ভয়ংকৰ তথ্য। দ্বিতীয়বাৰ প্ৰকাশ পোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি ফাইজানৰ দেহত আঘাতৰ চিন আছিল যাৰ বাবে তেওঁক হত্যা কৰাৰ আশংকা অধিক আছিল। ইয়াৰ পাছতে কলকাতা উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰি কয় যে, এছ আই টিয়ে সন্দেহযুক্ত লোকৰ নাৰ্ক’ টেষ্ট কৰিব পাৰিব। সকলো অভিযুক্তৰ নাৰ্ক’ টেষ্টৰ অনুমতি প্ৰদান কৰে ন্যায়ালয়ে।