ফাঁচীবজাৰত ভয়ংকৰ অগ্নিকাণ্ড
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ফাঁচীবজাৰত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড। ফাঁচীবজাৰৰ এখন বস্তু বিপণীত সংঘটিত এই অগ্নিকাণ্ডত এজন লোকে প্রাণ হেৰুৱাবলগীয়া হয়। মৃত লোকজন উত্তৰ প্ৰদেশৰ ছলমান কুৰেশ্বি (৩২)। ফাঁচীবজাৰৰ এছ এছ গলিত অৱস্থিত চাইবাৰ মাৰ্ট নামৰ ব্যৱসায়িক প্রতিষ্ঠানখনৰ গ্রাউণ্ড ফ্ল’ৰত অৱস্থিত ‘বম্বে শাড়ীছ’ নামৰ বস্ত্ৰ বিপণীখনত কৰ্মচাৰীৰূপে কৰ্মৰত আছিল উত্তৰ প্ৰদেশৰ যুৱকজন। শুক্ৰবাৰে পুৱতিনিশা ব্যৱসায়িক প্রতিষ্ঠানটোৰ গ্ৰাউণ্ড ফ্ল’ৰত থকা দোকানখনত হঠাতে সৃষ্টি হোৱা ভয়ংকৰ অগ্নিকাণ্ডত আবদ্ধ হৈ পৰে ছলমান কুৰেশ্বি। স্থানীয় ৰাইজে সদৰী কৰা মতে, ছলমান কুৰেশ্বিসহ মুঠ ৬জন লোক দোকানখনৰ ভিতৰতে থাকে। পুৱতিনিশা প্রায় ৩ বজাত একাংশ লোকে দোকানখনৰ ভিতৰৰ পৰা ক’লা ধোঁৱা ওলাই থকা প্রত্যক্ষ কৰে। লগে লগে স্থানীয় ৰাইজে আৰক্ষীক বিষয়টো অৱগত কৰে। আৰক্ষীয়ে অগ্নিনির্বাপক বাহিনীক খবৰ দিয়া মাত্রকেই কেইবাখনো গাড়ীয়ে আহি জুই নুমুৱাবলৈ চেষ্টা কৰে। বহু প্ৰচেষ্টাৰ অন্তত অগ্নিনির্বাপক বাহিনীয়ে আবদ্ধ হৈ থকা কৰ্মচাৰী ৬জনক উদ্ধাৰ কৰে। ছলমান কুৰেশ্বিক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ লগতে আন ৫জন কৰ্মচাৰী ক্ৰমে উত্তৰ প্ৰদেশৰ ন’মান কুৰেশ্বি ওৰফে লাভলি (৩৫) , তাচিফ (২৪), মহম্মদ আৰিফ (২২), চাৰিম কুৰেশ্বি (২১) আৰু ফাৰুক খানক (২২) সংকটজনক অৱস্থাত উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে সদৰী কৰা মতে, অৰুণ কুৰেশ্বি নামৰ লোকজনৰ মালিকানাধীন দোকানখনত কৰ্তব্যৰত আটাইকেইগৰাকীয়ে আছিল মালিকৰ আত্মীয়। আজি পুৱতিনিশা সংঘটিত ভয়ানক অগ্নিকাণ্ডৰ পাছতে সমগ্র কোঠাটো ধোঁৱাই ছানি ধৰাৰ লগে লগে ভিতৰতে আবদ্ধ হৈ পৰে কৰ্মচাৰীকেইজন। মন কৰিবলগীয়া যে অগ্নিনির্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে অশেষ চেষ্টা কৰাৰ পাছত দিনৰ প্ৰায় ১ বজাতহে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে মৃত ছলমান কুৰেশ্বিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে। অগ্নিকাণ্ডৰ সঠিক কাৰণ পোহৰলৈ অহা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে এই শোকাবহ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।