ফাঁচীজাল-ৰূপালী গগৈ চুতীয়া, ডিব্ৰুগড়

P.C. Istock
ফাঁচীজাল
নাচাওঁ বুলিও যদিহে
এবাৰ ঘূৰি  চোৱাহেতেঁন
পালাহেঁতেন আকাশৰ জিলিকা তৰা ,
যাওঁ বুলিও যদিহে
এদিন উভতি অহাহেতেঁন
পালাহেঁতেন সোণ বৰণীয়া
মৰমৰ ভঁৰাল ।
আজিও টিপ চাকিৰ পোহৰত
তোমাৰ কবিতা পঢ়োঁ
হাঁহিবলৈ তোমাৰ ফটো নালাগে
তুমি দি যোৱা ভাওনাৰ দায়িত্ব
আজিও আখৰা কৰি আছোঁ
নাজানো কিয় বচন মুখস্থ নহয়
বাৰে বাৰে ডুব যাওঁ
ৰাতিৰ আলহী শালত
নাটকীয় ফাঁচীজালত।