ফটোযুক্ত ভোটাৰ পৰিচয়-পত্ৰৰ উপৰি ১২বিধ নথিৰে কৰিব পাৰিব ভোটদান

ফটোযুক্ত ভোটাৰ পৰিচয়-পত্ৰৰ উপৰি ১২বিধ নথিৰে কৰিব পাৰিব ভোটদান

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যত ৯ এপ্ৰিলত এদিনতে ১২৬ টা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব । স্বচ্ছ আৰু নিকাভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতিৰে সাজু হৈছে নিৰ্বাচন আয়োগ । ভোটদানৰ সময়ত পৰিচয় প্রদানৰ বাবে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰৰ উপৰি কি কি নথি প্ৰযোজ্য হ’ব, সেই সন্দৰ্ভত নিৰ্বাচন আয়োগে অনুমোদন জনাইছে । নিৰ্বাচন আয়োগে ১২ বিধ নথিত অনুমোদন জনাইছে ।এই সন্দর্ভত এক বিজ্ঞপ্তিযোগে নির্বাচন আয়োগে  জনায় যে আগন্তুক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত ফটোযুক্ত পৰিচয়-পত্ৰ পোৱা ভোটাৰসকলে ভোটদানৰ সময়ত তেওঁলোকৰ এই পৰিচয়-পত্ৰ দেখুৱাব লাগিব। যিসকল ভোটাৰৰ ফটোযুক্ত পৰিচয়-পত্ৰ নাথাকে তেওঁলোকে আয়োগে নির্দিষ্ট কৰা ১২বিধ নথিৰ যিকোনো এবিধ দেখুৱাই ভোটদান কৰিব পাৰিব। এই ১২বিধ নথিৰ ভিতৰত আছে-আধাৰ কাৰ্ড, এমজি এনৰেগাৰ জবকার্ড, বেংক/ডাকঘৰৰ পাছবুক (ফটোসহ), আয়ুষ্মান ভাৰত/স্বাস্থ্য বীমা স্মার্ট কার্ড, গাড়ীচালনাৰ অনুজ্ঞাপত্র (ড্রাইভিং লাইচেঞ্চ), পান কার্ড, ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ (এনপিআৰ) স্মার্ট কার্ড, ভাৰতীয় পাছপ’ৰ্ট, পেন্সনৰ নথি (ফটোসহ) , চৰকাৰ/পিএছইউ/পাব্লিক লিমিটেড কোম্পানীৰ দ্বাৰা প্ৰদত্ত সেৱা পৰিচয়-পত্ৰ, সংসদ/বিধানসভা/বিধান পৰিষদৰ সদস্যসকলৰ বাবে প্ৰদত্ত চৰকাৰী পৰিচয়-পত্ৰ আৰু ইউনিক ডিজেবিলিটী আইডি (ইউডিআইডি) কার্ড। আনহাতে ভোটাৰজনৰ পৰিচয় সাব্যস্ত কৰিব পাৰিলে, ফটোযুক্ত ভোটাৰ পৰিচয়-পত্ৰত থকা বানান ভুল আদি উপেক্ষা কৰিবলৈও নির্বাচন আয়োগে নির্দেশ দিছে। অন্য সমষ্টিৰ নির্বাচক পঞ্জীয়ন বিষয়াৰ দ্বাৰা আগতে প্রদান কৰা ফটোযুক্ত ভোটাৰ পৰিচয়-পত্র দাখিল কৰিও ভোটদান কৰিব পৰা যাব যদিহে ভোটাৰজনৰ নাম ভোট দিবলৈ যোৱা ভোটগ্রহণ কেন্দ্রত ইতিমধ্যে অন্তর্ভুক্ত কৰা হৈছে। ভোটাৰ পৰিচয়-পত্ৰত থকা ফটোৰ বিসংগতিৰ বাবে যদিহে ভোটাৰজনৰ পৰিচয় সাব্যস্ত কৰিব পৰা নাযায় তেন্তে তেওঁ ওপৰত উল্লেখ কৰা যিকোনো এবিধ নথি দেখুৱাব লাগিব। আনহাতে বিদেশত থকা আৰু ১৯৫০ চনৰ জনপ্রতিনিধিত্ব আইনৰ ধাৰা ২০ (ক) অনুসৰি ভোটাৰ তালিকাত নামভৰ্তি কৰা ভোটাৰসকলক ভোটগ্রহণ কেন্দ্রত কেবল তেওঁলোকৰ মূল পাছপ’ৰ্টৰ ভিত্তিতহে পৰিচয় নিশ্চিত কৰা হ’ব বুলিও জনাইছে আয়োগে। অৱশ্যে এইক্ষেত্রত আন কোনো পৰিচয়-পত্র গ্রহণযোগ্য নহ’ব।