ফটোবোৰ ৰঙীন হ’ল কিন্তু জীৱনৰ ৰংবোৰ উৰি গ’ল – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Unsplash
ফটোবোৰ ৰঙীন হ’ল কিন্তু জীৱনৰ ৰংবোৰ উৰি গ’ল
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
এতিয়া প্ৰায় প্ৰতিজন মানুহৰ হাতে হাতে ৰঙীন স্মাৰ্ট মোবাইল ফোন। যাৰ একমাত্ৰ উদ্দেশ্য হ’ল মানুহক স্মাৰ্ট কৰি তোলা। কাৰণ আমি এতিয়া নিমিষতে বিশ্ব-ব্ৰহ্মাণ্ডৰ নজনা কথাবোৰ মোবাইল ফোনৰ জৰিয়তে উলিয়াই লৈ নিজৰ জ্ঞানত বৃদ্ধি কৰিব পাৰি। কিন্তু আমাৰ অতীতৰ সময়ত এতিয়াৰ দৰে হাতে হাতে উপলব্ধ হোৱা ৰঙীন ফোনবোৰৰ আবিষ্কাৰ হোৱা নাছিল। সেই তেতিয়া আমাৰ ফটোৰ জৰিয়তে সুন্দৰ মূহুৰ্ত সমূহ সাঁচি ৰাখিবলৈ বেলেগকৈ ক’লা-বগাকৈ ফটো তুলিব পৰাকৈ কিছু কেমেৰাবোৰৰ আবিষ্কাৰ হৈছিল। ইয়াতকৈ বৰ বেছিকৈ অতীতলৈ কথাবোৰ টানি নধৰো।‌ কাৰণ মই তেতিয়া জন্ম গ্ৰহণে কৰা নাছিলোঁ। গতিকে মোৰ নিজ চকুৰে যিবোৰ প্ৰত্যক্ষ কৰিছোঁ সেইবোৰ ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ। বাৰু যি কি নহওঁক মই নিজে পাৰ কৰি অহা অতীতৰ সেই ক’লা-বগা দৃশ্য বন্ধি কৰা কেমেৰাৰ সময়ত মানুহবোৰ আন্তৰিক ৰূপত বহুত সুন্দৰ আৰু প্ৰতিজন মানুহৰে জীৱন বৰ ৰঙীন আছিল। কিন্তু এতিয়াৰ সময়ত চৌদিশে নিমিষতে ৰঙীন ফটোবোৰৰ দৃশ্য বন্ধি কৰি ল’ব পাৰি। কিন্তু বৰ্তমান সময়ত মই নিজে অনুভৱ কৰিব পাৰিছোঁ যে, এতিয়াৰ মানুহৰ ফটোখনতে জীৱনবোৰ ৰঙীন দেখা পোৱা যায়। এতিয়া কেৱল ফটোবোৰ ৰঙীন হ’ল কিন্তু জীৱনৰ ৰংবোৰ উৰি গ’ল।চাওঁক পৰিবৰ্তনে প্ৰকৃতিৰ নিয়ম। আৰু আমি তাক অস্বীকাৰ কৰিব নোৱাৰি। সেয়েহে সময়ত সৈতে আমাৰ মাজত লাহে লাহেকৈ পৰিবৰ্তন অহাটো একেবাৰে নিশ্চিত। কিন্তু এই পৰিবৰ্তন সমূহ যদি আমাৰ মানৱ সমাজৰ বাবে বিপদজনক হৈ উঠে তেন্তে তেনেধৰণৰ পৰিবৰ্তন আমি মানৱ সমাজে স্বীকাৰ কৰি লোৱাটো একেবাৰে আমাৰ মূৰ্খামিৰ বাহিৰে আন একো নহয়। মই ইয়াতে সময়ৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন সা-সা-সৰঞ্জাম উদ্ভাৱন হৈছে সেই সকলোখিনি উপকৰণ সমূহৰ বিৰোধিতা কৰিবলৈ যোৱা নাই। আচলতে মানৱ কল্যাণৰ উদ্দেশ্য আগত ৰাখিয়েই নতুন নতুন উপকৰণ উদ্ভাৱন হয়। কিন্তু এই উপকৰণ সমূহৰ জৰিয়তে আমাৰ অতীতৰ তুলনাত বৰ্তমান সময়ত আমাৰ বহু বেছিকৈ অলাগতীয়াল ৰূপত প্ৰতিজন মানুহেৰে মানসিক পৰিবৰ্তন হ’বলৈ আৰম্ভ কৰিছে।আচলতে মই এই বিষয়বোৰক লৈহে বহু চিন্তিত হৈ পৰিছোঁ।আধুনিকতাৰ লগে লগে আমাৰ আচল মানৱ অস্তিত্বক পৰিহাৰ কৰি জীৱন নিৰ্বাহ কৰিব নোৱাৰি। আধুনিক উপকৰণ প্ৰয়োগৰ জৰিয়তে যদি আমাৰ মানৱ অস্তিত্বৰ ওপৰত যদি ভাবুকি সৃষ্টি হয় তেন্তে তেনেধৰণৰ উপকৰণ সমূহ সময় থাকোঁতেই আমি পৰিহাৰ কৰি দিয়াটো অতিকৈ দৰকাৰ। নহ’লে বৰষুণ পাৰ হৈ যোৱাৰ পিছত ছাতি আৰু চুৰে চুৰি কাৰ্য সংঘটিত কৰাৰ পিছত বুদ্ধি হেনো বৰ বিশেষ কামত নাহে বুলি কোৱা কথাষাৰ সকলোৱে ভালকৈ শুনিছোঁ। আচলতে মই অকলে এইবোৰ কথা উপলব্ধি কৰিছোঁ তেনে নহয়। আমি সকলোৱে এই কথাবোৰ অনুভৱ কৰি আহিছোঁ নহয় জানো ?। কিন্তু আমাৰ ক্ষমতা থকা লোকসকলক আৰু প্ৰতিখন সমাজৰ প্ৰভাৱশালী মানুহে এই বিষয়ে বহলাই চিন্তা চৰ্চা জৰিয়তে কোনো পদক্ষেপ গ্ৰহণ বাবে প্ৰস্তুত নহয় তেন্তে আমি সাধাৰণ মানুহে কেৱল আমাৰ দেশ, ৰাজ্য, লাহে লাহে গাওঁ আৰু সমাজ পতনৰ পৰোক্ষভাৱে  হ’লেও সহভাগী হৈ পৰাৰ বাহিৰে আন কোনো বিকল্প নাই। আমাৰ জেষ্ঠ সকলৰ আদৰ্শ জৰিয়তে আমাৰ ভবিষ্যত গঢ়ি উঠিছে। আৰু আমাৰ বৰ্তমান সময়ৰ মানুহখিনিৰ আদৰ্শবোৰৰ জৰিয়তে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ ভবিষ্যত নিৰ্মাণ হয়। গতিকে আমি কি শিক্ষা গ্ৰহণ কৰিছোঁ আৰু উঠি অহা নৱপ্ৰজন্মক কি শিক্ষা দি যামগৈ এই সকলোবোৰ কেৱল বৰ্তমান পৰিস্থিতিৰ নিৰ্ভৰ কৰে। সেয়েহে মই এতিয়ালৈকে দৃষ্টিগোচৰ কৰা মতে আমাৰ উঠি অহা নৱপ্ৰজন্মক এক অসুস্থ সমাজ সৃষ্টি আৰু এক অন্ধকাৰ  ভবিষ্যতৰ প্ৰবেশৰ দিশলৈ দিনক দিনে অগ্ৰসৰ কৰিবলৈ বাধ্য হৈ পৰিছোঁ।