ফটাশিল-আমবাৰীৰ আইডিয়েল নাৰ্চাৰী হাইস্কুলৰ অধ্যক্ষা মনশ্ৰী শৰ্মা তালুকদাৰৰ মৃত্যু

ফটাশিল-আমবাৰীৰ আইডিয়েল নাৰ্চাৰী হাইস্কুলৰ অধ্যক্ষা মনশ্ৰী শৰ্মা তালুকদাৰৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ফটাশিল আমবাৰীস্থিত আইডিয়েল নাৰ্চাৰী হাইস্কুলৰ অধ্যক্ষা মনশ্ৰী শৰ্মা তালুকদাৰৰ  দিনৰ ১২-১৫ বজাত মৃত্যু হয়৷তেওঁ বহুদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ।তেওঁ সহজ-সৰল,অমায়িক,নিৰ্জু স্বভাৱৰ মহিলাআছিল৷তেওঁ বিদ্যালয়খন সুন্দৰভাৱে পৰিচালনা কৰিছিল৷তেওঁ নাৰায়ন তালুকদাৰৰ সহধৰ্মিনী, ৰামধেনু যুগৰ বিশিষ্ট কবি,শিক্ষাবিদ প্ৰয়াত সুশীল শৰ্মা আৰু শিক্ষাবিদ প্ৰয়াত জ্যোৎস্না শৰ্মাৰ বৰ জীয়ৰী আছিল।প্ৰয়াত তালুকদাৰ এগৰাকী সমাজ সচেতন আৰু শিক্ষাব্ৰতী মহিলা আছিল। অতি দয়ালু প্ৰকৃতিৰ তালুকদাৰৰ মৃত্যুত বৃহত্তৰ আমবাৰী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে।মৃত্যুৰ সময়ত তেওঁ দুজন পুত্ৰ, এগৰাকী বোৱাৰী ইহ সংসাৰত এৰি থৈ যায়।