ফটাশিল আমবাৰীত বিনামূলীয়া যোগ সমাৱেশ

Pc NDTV.com

ফটাশিল আমবাৰীত বিনামূলীয়া যোগ সমাৱেশ

ৰঙিলী বাৰ্ত্তাসেৱা-  আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে গুৱাহাটীৰ বি এল ইনষটিটিউট ফৰ যোগ এডুকেশ্বন প্ৰতিষ্ঠানে এখন যোগ সমাৱেশৰ আয়োজন কৰিছে৷সমাৱেশখন ২১ জুনত ফটাশিল আমবাৰীস্থিত চি ই চি চৌহদত অনুষ্ঠিত হ’ব৷যোগ প্ৰশিক্ষিকা অলকানন্দা ডেকাই যোগ প্ৰশিক্ষণ দিব৷উল্লেখযোগ্য যে উক্ত সমাৱেশত লক্ষ্মৌস্থিত এম ডি ভি টি আই ইণ্ডিয়া আৰু বে চৰকাৰী সংস্থা বিশ্ব ফাউণ্ডেশ্বনে সহযোগিতা আগবঢ়াইছে৷আনহাতে,প্ৰশিক্ষাৰ্থীসকলক প্ৰতিষ্ঠানখনৰ পৰা প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷