ফটাশিল আমবাৰীত দুগৰাকী নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে মানৱ সৰবৰাহৰ ঘটনা। গুৱাহাটীত বাহৰ পাতি থকা এই মানৱ সৰবৰাহকাৰী চক্ৰটোৰ সদস্যই বিভিন্ন প্রলোভনেৰে বিভিন্ন সময়ত বহিঃৰাজ্যলৈ নাৰী সৰবৰাহ কৰি আহিছে। শেহতীয়াকৈ এই মানৱ সৰবৰাহকাৰী চক্ৰটোৱে নুনমাটিৰ শালবাৰীৰ এগৰাকী যুৱতীক ৰাজস্থানত বিক্রী কৰে। ভুক্তভোগী যুৱতীৰ পৰা লাভ কৰা হোৱাটছআপ মেছেজৰ ভিত্তিত পৰিয়ালৰ লোকে নুনমাটি থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে ৰাজস্থানত অভিযান চলাই যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী চক্ৰটোৰ লগত জড়িত থকাৰ অভিযোগত ফটাশিল আমবাৰীত অভিযান চলাই ৩০ বছৰীয়া পপী ডেকা আৰু ৫৫ বছৰীয়া দশমী দেৱী নামৰ মহিলা দুগৰাকীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে দুই সৰবৰাহকাৰীৰ পৰা নগদ ৫৩ হাজাৰ টকা, সোণৰ খাৰু, তিনিটা মোবাইল, ৰে’লৰ টিকটকে ধৰি অন্যান্য আপত্তিজনক সামগ্রী জব্দ কৰে। উল্লেখ্য যে যোৱা ৯ জুনত ফটাশিল আমবাৰীত ভাৰাতীয়া হিচাপে থকা বান্ধবী পপী ডেকাৰ ঘৰলৈ ভুক্তভোগী যুৱতীগৰাকী ফুৰিবলৈ গৈছিল। তেতিয়াৰে পৰা ৰহস্যজনকভাৱে যুৱতীগৰাকী সন্ধানহীন হৈ পৰে। যোৱা ১৬ জুনত ভুক্তভোগী যুৱতীগৰাকীয়ে পৰিয়ালৰ লোকক ৰাজস্থানত ১.৮০ লাখ টকাত বিক্ৰী কৰা বুলি হোৱাটছআপ মেছেজযোগে জনায়। এই হোৱাটছআপ মেছেজৰ আঁত ধৰিয়েই নুনমাটি আৰক্ষীয়ে ভুক্তভোগী যুৱতীগৰাকীক ৰাজস্থানৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।