ফটাশিলত নাহৰফুটুকীৰ মুক্ত বিচৰণ

pc-Time8 Assam News

ফটাশিলত নাহৰফুটুকীৰ মুক্ত বিচৰণ

ৰঙিলী বাৰ্ত্তাসেৱা– মহানগৰীৰ আশে-পাশে থকা পাহাৰসমূহত চলি থকা অবাধ বনধ্বংসৰ পৰিণতিত খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে বন্য প্রাণী। আদিংগিৰি পাহাৰত চলা বনধ্বংসৰ পৰিণতিত ফটাশিল আমবাৰীত বিগত দুটা দিন ধৰি নাহৰফুটুকীৰ মুক্ত বিচৰণে আতংকিত কৰি তুলিছে অঞ্চলবাসীক। ফটাশিল আমবাৰীৰ কৈলাসপুৰত কালি নিশা স্থানীয় ৰাইজে এটা নাহৰফুটুকী প্রত্যক্ষ কৰে। ইয়াৰ পাছতে স্থানীয় ৰাইজে চিঞৰ-বাখৰ কৰাত নাহৰফুটুকীটো আঁতৰি যায়। স্থানীয় ৰাইজে বন বিভাগক নাহৰফুটুকীটোক পিঞ্জৰাবদ্ধ কৰিবলৈ আহ্বান জনায়। কিন্তু বন বিভাগৰ লোকে এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাত অঞ্চলবাসী ৰাইজে ক্ষোভ প্রকাশ কৰিছে। বন বিভাগৰ গাফিলতিৰ বাবেই নাহৰফুটুকীটোৱে অঞ্চলটোত সন্ত্ৰাস চলাই পোহনীয়া কুকুৰ-ছাগলীকে ধৰি অন্যান্য জীৱ-জন্তু নিধন কৰিছে।