ফটকাৰ কাৰখানাত ভয়ংকৰ বিস্ফোৰণ

ফটকাৰ কাৰখানাত ভয়ংকৰ বিস্ফোৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- গুজৰাটত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । ফটকা গুদামত সংঘটিত অগ্নিকাণ্ডত ১৮ জন লোকৰ মৃত্যু।মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আনহাতে, ৫ জন লোক আহত হয় ।ঘটনাৰ প্ৰাথমিক তদন্তত মৃত শ্ৰমিকৰ সংখ্যা ৭ জন বুলি তথ্য পোহৰলৈ আহিছিল যদিও পাছত এই সংখ্যা ১৩ জনলৈ বৃদ্ধি হয় বুলি আৰক্ষী সূত্ৰত খবৰ প্ৰকাশিত হয়। কিন্তু অতি শেহতীয়া তথ্য অনুসৰি এই বিস্ফোৰণত নিহতৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি পাইছে।উল্লেখ্য যে, গুজৰাটৰ বানাশংকঠা জিলাৰ দিছাৰত থকা ফটকা কাৰখানাটোত মঙলবাৰে পুৱা প্ৰায় ৯-৪৫ বজাত সংঘটিত হৈছিল এই বিস্ফোৰণ।কাৰখানাটোত আচম্বিতে হোৱা প্ৰচণ্ড বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় । এই বিস্ফোৰণৰ ফলত ফটকা কাৰখানাৰ কাষতে থকা শ্ৰমিকৰ আৱাসগৃহটোও ক্ষতিগ্ৰস্ত হৈছে। এই আৱাসগৃহৰ এটা অংশ বিস্ফোৰণৰ ফলত ভাঙি পৰে। ফলত এই ধ্বংসাৱশেষৰ মাজতো বহু কেইজন ব্যক্তি আৱদ্ধ হৈ পৰাৰ আশাংকা কৰা হৈছে।ইফালে ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ পিছতে বানাশংকঠাৰ আয়ুক্ত, জিলা উন্নয়ন বিষয়া আৰু উদ্ধাৰকাৰী, অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপণ আৰু উদ্ধাৰকাৰ্য চলায় । উল্লেখ্য যে এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত বহু শ্ৰমিকৰ দেহৰ অংগ-প্ৰত্যংগ বহু দূৰলৈ ছিটিকি যায় । আনহাতে গুদামটোৰ ধ্বংসস্তূপ ২০০ মিটাৰ দূৰলৈ গৈ পৰে । আনহাতে, ঘটনাস্থলীত উপস্থিত হৈ জিলা আয়ুক্তই কয় যে এই ঘটনাৰ সম্পূৰ্ণ তদন্তৰ ব্যৱস্থা কৰা হৈছে । কাৰখানাটো কেনেদৰে চলি আছিল, বিস্ফোৰণটো কেনেকৈ হয় আৰু বিস্ফোৰণৰ কাৰণ কি আছিল তাৰো তদন্ত কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে ।