পৱিত্ৰ মাৰ্ঘেৰিটা নহয়, যোৰহাটৰ স্থানীয়ইহে হ’ব বিজেপিৰ প্ৰাৰ্থীঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা-আগন্তুক বিধানসভা নিৰ্বাচনত যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে কেন্দ্রীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰিলে। উল্লেখ্য যে যোৰহাট সমষ্টিৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব। এনে অৱস্থাত গৌৰৱ গগৈক প্রত্যাহ্বান জনাবলৈ বিজেপিয়ে কেন্দ্রীয় বৈদেশিক দপ্তৰৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাক প্ৰক্ষেপ কৰিব বুলি ব্যাপক চর্চা চলিছিল। যোৱা সময়ছোৱাত যোৰহাট সমষ্টিৰ দলীয় কাম-কাজত ব্যস্ত হৈ থকা পৱিত্ৰ মাৰ্ঘেৰিটাই যোৰহাটত নতুনকৈ ঘৰ ক্ৰয় কৰি নিগাজিকৈ থাকিবলৈ লৈছিল। স্বাভাৱিকতে পৱিত্ৰ মাৰ্ঘেৰিটাৰ এনে কুচকাৱাজৰ বাবেই গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বী হ’ব বুলি চর্চা চলিছিল। কিন্তু এনে চর্চাক নস্যাৎ কৰি নাহৰকটীয়াত মুখ্যমন্ত্রী ড° শর্মাই কয়, কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পদত এজন অসমীয়া সাংসদ অধিষ্ঠিত হৈ থকাটো অসমৰ বাবে গৌৰৱৰ কথা। অসমে এই সুযোগ কেতিয়াও হেৰুৱাব নোখোজে। ২০২৯ চনৰ লোকসভা নিৰ্বাচনতহে পৱিত্ৰ মাৰ্ঘেৰিটাই প্রতিদ্বন্দ্বিতা কৰিব। মুখ্যমন্ত্ৰীৰ এনে ঘোষণাৰ বিপৰীতে যোৰহাটত গৌৰৱ গগৈৰ বিৰদ্ধে প্রার্থী কোন হ’ব বুলি উঠা প্রশ্ন সন্দর্ভত মুখ্যমন্ত্রী ড° শৰ্মাই কয়, সমষ্টিটোৰ পৰা স্থানীয় যিকোনো সাধাৰণ পৰিয়ালৰ জনপ্রিয় সন্তানে প্রতিদ্বন্দ্বিতা কৰিব। এইক্ষেত্ৰত মুখ্যমন্ত্রীয়ে তপন গগৈৰ প্রার্থিত্বকো একপ্ৰকাৰ নস্যাৎ কৰে। ইফালে শিৱসাগৰ সমষ্টিত অখিল গগৈৰ বিৰুদ্ধে বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব নে অগপই প্রতিদ্বন্দ্বিতা কৰিব, সেয়া এতিয়াও সিদ্ধান্ত হোৱা নাই বুলি স্পষ্ট কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। তেওঁ কয়, শিৱসাগৰ সম্পৰ্কত আমি এতিয়াও সিদ্ধান্ত লোৱা নাই। সমষ্টিটো অগপই বিচাৰিছে আৰু বিজেপিৰো বহুকেইজন প্রার্থী ইয়াৰ দাবীদাৰ। সেয়েহে বিষয়টো আমি আলোচনা কৰি আছোঁ।
