পৰৱৰ্তী চৰকাৰৰ প্ৰথম ৩ বছৰতে ৫৫ হাজাৰক নিযুক্তি দিয়া হ’ব শিক্ষা বিভাগতঃমুখ্যমন্ত্ৰী

Pc The Hindu

পৰৱৰ্তী চৰকাৰৰ প্ৰথম ৩ বছৰতে ৫৫ হাজাৰক নিযুক্তি দিয়া হ’ব শিক্ষা বিভাগতঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  পঞ্চদশ অসম বিধানসভাৰ চাৰিদিনীয়া লেখানুদান বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে অন্তিম দিনা প্ৰশ্নোত্তৰ শিতানেৰে সদনৰ কাম-কাজ আৰম্ভ হয় । ইয়াৰ লগতে বিভিন্ন বিভাগৰ বাৰ্ষিক প্ৰশাসনীয় প্ৰতিবেদন সদনত দাখিল কৰা হয় । পাঁচবছৰীয়া কাৰ্যকালৰ সদনত দিয়া অন্তিমটো ভাষণত মুখ্যমন্ত্রীয়ে অসম চৰকাৰে বিগত দিনসমূহত কৰি অহা কামৰ কিছু খতিয়ান দাঙি ধৰাৰ লগতে আগন্তুক দিনৰ আভাস দাঙি ধৰে । দীঘলীয়া ভাষণত জীৱনৰ প্ৰথমটো নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ কথা ৰোমন্থন কৰি মুখ্যমন্ত্রীয়ে নিজৰ অভিজ্ঞতাৰ কথা কয় ।  ভাৰতৰ বিকাশ যাত্ৰাত অসমে বিগত ৫ বছৰত বোজা হোৱাৰ পৰিৱৰ্তে অৰিহণা যোগাবলৈ সক্ষম হৈছে। যাৰ বাবে ষষ্ঠদশ বিত্তীয় আয়োগে অসমক প্রদান কৰা ডিভ’লুচন অনুদান ৩.২৫ শতাংশলৈ বৃদ্ধি কৰিছে। ইয়াৰ ফলত অহা বর্ষত অসমে কেন্দ্রীয় চৰকাৰৰ পৰা ডিভ’লুচন অনুদান হিচাপে ৫০ হাজাৰ কোটি টকা লাভ কৰিব। ৭০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে অসমে কৰৰ হস্তান্তৰৰ পুঁজিৰ জৰিয়তে ৰাজ্যৰ কৰ্মচাৰীসকলক দৰমহা আৰু পেন্সন ১২ মাহে দিব পাৰিব। ইয়াৰ জৰিয়তে অসমে ২০২৬-২৭ বিত্তীয় বর্ষত গৌৰৱেৰে প্ৰৱেশ কৰিব পাৰিব। ৰাজ্যৰ টনকিয়াল বিত্তীয় অৱস্থাৰ কথা বিধানসভাৰ অন্তিমখন অধিৱেশনত এইদৰে প্ৰকাশ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। সদনত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দি মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ দিশ দাঙি ধৰি কয়- মোৰ বিশ্বাস- অহা বিত্তীয় বৰ্ষত ৰাজ্যখনৰ নিজস্ব ৰাজহ সংগ্ৰহ প্ৰায় ৩০ হাজাৰ কোটি টকা অতিক্ৰম কৰিব। অসম চৰকাৰে প্ৰতিমাহত ৰাজ্যিক কৰ্মচাৰীসকলক দৰমহা আৰু পেন্সনৰ বাবদ ৪৮ হাজাৰ কোটি টকা ব্যয় কৰিব লাগে। এই বৃহৎ পৰিমাণৰ পুঁজি ব্যয়ৰ পাছতো আগন্তুক বিত্তীয় বৰ্ষত ৰাজ্যখনে উন্নয়ন আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত সফলতাৰে আগবাঢ়িব পাৰিব। মুখ্যমন্ত্রীয়ে সদনক কয়- ২০৩০ চনৰ ভিতৰত অসম ১০ লাখ কোটি টকাৰ অৰ্থনীতিত পৰিণত হ’ব। এইবাৰ প্ৰকাশ হোৱা অৰ্থনীতিৰ সমীক্ষাত উল্লেখ কৰা হৈছে যে ২০২৬-২০২৭ বর্ষত আমাৰ বিকাশৰ হাৰ হ’ব ১৬.৯৩ শতাংশ। যাৰ ফলত অহা বৰ্ষতেই অসমে ৮ লাখ ৭১ হাজাৰ কোটি টকাৰ অর্থনীতিত পৰিণত হ’ম। আনহাতে ২০২৭-২৮ বিত্তীয় বর্ষত অসমে অর্থনীতিৰ ক্ষেত্ৰত যথেষ্ট সবল হ’ব আৰু ১০ লাখ কোটি টকাৰ অৰ্থনীতিৰ দিশে আগবাঢ়িম। ২০২১ বৰ্ষৰ পৰা ২০২৫ বর্ষলৈকে ভাৰতীয় ৰিজার্ভ বেংকৰ তথ্য মতে দেশৰ অৰ্থনীতিৰ বিকাশৰ হাৰ আছিল ২৯ শতাংশ। যোৱা ৫ বছৰত অসমৰ অৰ্থনৈতিক বিকাশৰ হাৰ হৈছে ৪৫ শতাংশ। দেশৰ ভিতৰতে এতিয়া অসম দ্রুত অর্থনৈতিক বিকাশৰ ৰাজ্য হিচাপে চিহ্নিত হৈছে। উত্তৰ-পূবৰ ভিতৰত নহয়, দেশৰ ভিতৰত অসমৰ এই দ্রুত অর্থনৈতিক বিকাশ সম্ভৱ হৈছে। মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত কয়- আমাৰ ৰাজ্যত জনমূৰি আয় ২০২০-২১ত আছিল ৮৬,৯৪৭ কোটি টকা, ২০২৫-২৬ চনত এই জনমূৰি আয় ১,৮৫,৪২৯ কোটি টকাত প্ৰৱেশ কৰিছে। অহা এবছৰৰ ভিতৰত মুঠ জনমূৰি আয়ৰ ক্ষেত্ৰত অসমে পশ্চিমংগক অতিক্ৰম কৰিবলৈ সক্ষম হ’ব। নিযুক্তিৰ প্ৰসংগত মুখ্যমন্ত্রী ড° শর্মাই কয়- ২০২১ চনত এই চৰকাৰে ৯৪৬জনক নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। ২০২২ চনত ৩৩,০৫৮জনক নিযুক্তি দিয়া হৈছে, ২০২৩ চনত ৪৪,৯৭৮জনক নিযুক্তি দিয়া হৈছে, ২০২৪ চনত ৩৩,৬৬৬জনক নিযুক্তি দিয়া হ’ল আৰু ২০২৫-২৬ বিত্তীয় বর্ষৰ্ষত এই চৰকাৰে ৪২ হাজাৰ নিযুক্তি প্ৰদান কৰা হৈছে। এতিয়ালৈকে চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ সংখ্যা ১ লাখ ৫৯ হাজাৰত ভৰি দিছে। মই আশা কৰোঁ- নিৰ্বাচনৰ আগলৈকে নিশ্চিতভাৱে শিক্ষা বিভাগত আৰু ৫ হাজাৰ নিযুক্তি দিব পাৰিম। ইয়াৰ জৰিয়তে চৰকাৰী নিযুক্তিৰ সংখ্যা ১ লাখ ৬৫ হাজাৰ অতিক্ৰম কৰিব। এয়া এক ৰেকৰ্ড। মুখ্যমন্ত্রীয়ে কয়- এই নিযুক্তিক প্রত্যাহ্বান জনাই এতিয়ালৈকে ন্যায়ালয়ত এটাও গোচৰ দাখিল হোৱা নাই। এয়ে প্রমাণ কৰে যে স্বচ্ছতাৰ যি মূল্য, তাক চৰকাৰে আহৰণ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীয়ে কয়- অসমৰ ৰাইজক মই আন এক সুখবৰ দিব বিচাৰিছোঁ। এই চৰকাৰে এখন নতুনকৈ কমিটী গঠন কৰিছে। অহা ৫ বছৰত চৰকাৰখনে কিমান চৰকাৰী চাকৰি দিব পাৰিব, তাক পৰীক্ষা তথা পর্যবেক্ষণ কৰিব কমিটীয়ে। চৰকাৰৰ প্ৰতি থকা ৰাইজৰ আশা-আকাংক্ষাৰ চাকিগছি আমি জ্বলাই ৰাখিব বিচাৰিছোঁ, যাতে নিৰাশা নাহে। অহাবাৰ চৰকাৰ গঠনৰ লগে লগে প্রথম তিনি বছৰতে শিক্ষা বিভাগত ৫৫ হাজাৰ নিযুক্তি প্ৰদান কৰা হ’ব। আন বিভাগসমূহত কিদৰে নিযুক্তি দিব পৰা যায়, তাৰ পৰীক্ষা চলাই থকা হৈছে। অসমৰ যুৱ সমাজৰ আশাৰ বন্তিগছি আমি নুমাই যাবলৈ নিদিওঁ। মুখ্যমন্ত্রীয়ে আজি বিধানসভাত ঘোষণা কৰে যে পিতৃ-মাতৃক শুশ্রূষা নকৰা চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা। ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয়- পিতৃ-মাতৃক নীৰৱে সেৱা কৰাটো জীৱনৰ আন কোনো বিকল্প নাই। ৰাজ্য চৰকাৰে সেয়েহে কৰ্মচাৰীসকলক পিতৃ-মাতৃৰ সেৱাৰ বাবে ৫টাকৈ দিন ছুটী প্রদান কৰিছে। কিন্তু এই বন্ধৰ দিনকেইটা বহু কৰ্মচাৰীয়ে অপব্যৱহাৰ কৰি আহিছে। ইয়াৰ বিপৰীতে অৱশ্যে বহু কৰ্মচাৰীয়ে পিতৃ-মাতৃৰ লগত মূল্যৱান সময় কটোৱাৰ ফটো সামাজিক মাধ্যমত গৌৰৱেৰে আপলোড কৰে। চৰকাৰে অনা প্রণাম আয়োগত স্পষ্ট কৰা হৈছিল যে যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে তেওঁৰ পিতৃ-মাতৃক শুশ্রূষা বা সেৱা নকৰে, তেন্তে তেওঁৰ দৰমহাৰ ১০-১৫শতাংশ কৰ্তন কৰি পিতৃ-মাতৃৰ একাউণ্টত জমা কৰা হ’ব। ইয়াৰ ফলত যোৱা ৫ বছৰত পিতৃ-মাতৃক অৱহেলাৰ অভিযোগ প্রায় নোহোৱা হৈ পৰিল। সামাজিক সমালোচনাৰ ভয়ত যিসকলে পিতৃ-মাতৃৰ পৰা দূৰত্বত অৱস্থান কৰিছিল, তেওঁলোকে আজি পিতৃ-মাতৃক প্রণাম কৰিবলৈ বাধ্য হৈছে। বিধানসভাৰ অন্তিম দিনটোত যুৱ বিধায়কসকললৈ পৰামৰ্শ আগবঢ়াই মুখ্যমন্ত্রী ড° শৰ্মাই নিজৰ ৰাজনৈতিক পৰিক্ৰমাৰ দিশ উনুকিয়াই কয়- ১৯৯৬ চনত জালুকবাৰী সমষ্টিত মই ১৭ হাজাৰ ভোটত পৰাজিত হৈছিলোঁ। পৰৱৰ্তী সময়ত সেই একেটা সমষ্টিতে প্রতিনিধিত্ব কৰি আজি ৰাজনীতিত ২৫টা বর্ষ সম্পূৰ্ণ কৰিলোঁ। এই সময়ছোৱাত সমষ্টি আৰু সমষ্টিবাসীৰ উন্নয়নত কেতিয়াও হীনডেঢ়ি কৰা নাই। নিজকে অর্পণ কৰি ৰাইজৰ বাবে কাম কৰাৰ আপ্ৰাণ প্ৰয়াস কৰি আহিছোঁ। যুৱ বিধায়কসকলক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে কয়- আমাক ভোট নিদিয়া মানুহবোৰ আমাৰ শত্রু নহয়, ভোট নিদিয়াসকলক আমি সেৱা কৰিব লাগে। এই কথা যুৱ বিধায়কসকলে অনুধাৱন কৰা উচিত।