ধৰ্মান্ধতাই মানুক কি পৰ্য্যায়লৈ অৱনমিত কৰাব পাৰে ? – দেবর্ষি গৌতম

ধৰ্মান্ধতাই মানুক কি পৰ্য্যায়লৈ অৱনমিত কৰাব পাৰে ?

দেবর্ষি গৌতম,বনগাঁও

২২ এপ্ৰিল ২০২৫। ভাৰতৰ ইতিহাসত সন্নিবিষ্ট হল আৰু এটা ক’লা আৰু বেদনাদয়ক দিন। এই এইনটোতে জম্মু-কাশ্মীৰৰ এক নৈসৰ্গিক পৰিবেশেৰে পৰিপুষ্ট এখন চহৰ পহলগামত সংঘটিত হয় এক বৰ্বৰ সন্ত্ৰসবাদী আক্ৰমণৰ ঘটনা। নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰি থকা দেখি-বিদেশী পৰ্যটক সকলক হতচকিত কৰি হঠাৎ হাতত উদ্যত মৰণাস্ত্ৰ লৈ কেইগৰাকী মান লোকে হত্যাযজ্ঞ চলাবলৈ আৰম্ভ কৰে। চকুৰ পলকতে সংঘটিত এনে এটা ঘটনাৰ বাবে হয়তো কোনো এগৰাকী পৰ্য্যটক প্ৰস্তুত নাছিল। নিমিষতে থান বান হৈ যোৱাৰ উপক্ৰম হৈছিল বহুতো সপোন, বহুতো আশা, বহুতো জীৱন। বন্দুকৰ শূণ্য দূৰত থিয় কৰাই এজন এজনকৈ ব্যক্তিক তেওঁলোকৰ পৰিচয় সোধা হৈছিল আৰু তাৰ পিছতে সেনাৰ পোছাক পৰিধান কৰা সন্ত্ৰসবাদীৰ দলে গুলী চলাবলৈ আৰম্ভ কৰিছিল। চকুৰ পচাৰতে ইজনৰ পিছত সিজন লোক সন্ত্ৰসবাদীৰ গুলীত মাটিত ঢলি পৰিছিল। কাৰোবাৰ চকুৰ সন্মুখতে যদি নৱবিবাহিত স্বামীৰ মৃত্যু হৈছিল কাৰোবাৰ আকৌ নিজ চকুৰ সন্মুখতে নিজৰ দেউতাকৰ মৃত্যু হোৱা দেখিছিল। বিভিন্ন মাধ্যমত প্ৰচাৰিত খবৰ অনুসৰি পাকিস্তানৰ দ্বাৰা সমৰ্থিত সন্ত্ৰসবাদীয়ে পহলগামলৈ ফুৰিব যোৱা পৰ্য্যটকসকলক তেওঁলোকৰ ধৰ্ম সুধি সুধি হত্যা কৰিছিল। এনে ঘটনাৰ বৰবৰতাই আচলতে কি প্ৰমাণ কৰে ? ইয়াৰ পৰা আমি এটা কথা স্পষ্টভাৱে বুজিব পাৰো যে কোনো ধৰ্মই সন্ত্ৰসবাদীৰ সৃষ্টি নকৰে বৰঞ্চ ধৰ্মক ব্যৱহাৰ কৰিহে একাংশ লোকে সন্ত্ৰসবাদীৰ সৃষ্টি কৰে। কাশ্মীৰৰ বিভিন্ন এলেকাত সঘনে হোৱা সন্ত্ৰসবাদী আক্ৰমণত ধৰ্মৰ দিশটো মূল বিষয় হিচাপে প্ৰতিফলিত হৈ আহিছে। মূলত আমি দেখিবলৈ পাওঁ যে আমাৰ চুবুৰীয়া দেশ পাকিস্তানৰ দ্বাৰা সমৰ্থিত ইছলাম ধৰ্মাৱলম্বী সন্ত্ৰসবাদী বোৰে ধৰ্মৰ নামত নৰসংহাৰ চলাবলৈ অকণো কুণ্ঠাবোধ নকৰে। ধৰ্মান্ধতাৰ আলম লৈ একাংশ লোকে হত্যা-হিংসাৰ দৰে কাৰ্যকলাপ সংঘটিত কৰিবলৈ কিছু লোকক নিৰ্বাচন কৰে। কূটাঘাত সংঘটিত হোৱাৰ পিছতে এনে লোকৰ আচল স্বৰূপ প্ৰকাশ পায়। ধৰ্মৰ নামত অন্ধ হৈ এনে লোকসকলে হত্যা-হিংসাৰ দৰে কর্মকো ধৰ্মীয় কৰ্ম বুলি অভিহিত কৰে। আনক হত্যা কৰি যদি নিজেও মৃত্যুক আঁকোৱালি লব লগীয়া হয় তেনেহলে তেনে ব্যক্তিয়ে জন্নত লাভ কৰে বুলি একপ্ৰকাৰৰ অপপ্ৰচাৰ চলাই। এনে অপপ্ৰচাৰ আৰু ধৰ্মান্ধতাৰ প্ৰতি আকৰ্ষিত হৈ কিছু লোকে সন্ত্ৰসবাদী কাৰ্যালকলাপৰ সৈতে জড়িত হৈ পৰে। সন্ত্ৰসবাদী সকলৰ ধৰ্মান্ধতাই এনে পর্যালৈকে শিপাই যে হাতত অস্ত্ৰ তুলি লোৱা সন্ত্ৰসবাদী বোৰে নিজৰ নেতাৰ প্ৰতিটো কথা বচন হিচাপে মানি লোৱাৰ উপৰিও নিজৰ জীৱন পৰ্যন্ত দিবলৈ সাজু হৈ পৰে।

যিসকল সন্ত্ৰসবাদীয়ে মানুহক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে তেনে সন্ত্ৰসবাদীৰো কিন্তু মাক-দেউতাক, ভাই-ভনী, আত্মীয়-কুটুম্ব থাকে তথাপিও কিন্তু সিহঁতে মানুহ মাৰিবলৈ অকমানো দ্বিধাবোধ নকৰে। সিহঁতৰ হৃদয়ত এক মুহুৰ্তৰ বাবেও মানৱীয়তাৰ মনোভাব জাগ্ৰত নহয়। এইয়া কেৱল ধৰ্মীয় উন্মাদনা আৰু ভুল আৰু মিছা ধৰ্মীয় শিক্ষা প্ৰদান কৰাৰ পৰিনাম। ভাৰতৰ বিৰুদ্ধে সন্ত্ৰসবাদী কাৰ্যকলাপত জড়িত পাকিস্তানী সন্ত্ৰসবাদী বোৰক প্ৰায়ে ভাৰতীয় সেনাই হত্যা কৰে। তথাপিও নিজৰ মৃত্যু নিশ্চিত বুলি জানিও এনে সন্ত্ৰসবাদী বোৰে ভাৰতৰ বিৰুদ্ধে আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহে। গতিকে সন্ত্ৰসবাদৰ বিজটো যে আমাৰ দৰে সাধাৰণ লোকে কল্পনা কৰিব নোৱাৰা এক পর্যালৈকে শিপাইছে এই কথা পহলগামৰ দৰে ঘটনাই স্পষ্টভাৱে প্ৰতিফলিত কৰে। যাৰ ফলত এটা ধৰ্মৰ প্ৰতি সকলো লোকৰে ঘৃণা উপজিবলৈ আৰম্ভ হয়। পহলগামৰ এই ঘটনাৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিল যে আজিৰ দিনটো পাকিস্তানৰ দৰে দেশ সন্ত্ৰসবাদীৰ মুক্ত বিচৰণস্থলী হৈ আছে। অতি সুৰক্ষিত ভাবে পাকিস্তানৰ ভূমিত সন্ত্ৰসবাদী কাৰ্যকলাপ পৰিচালনা কৰাটো বৰ্তমানেও সম্ভৱ হৈয়ে আছে। সন্ত্ৰসবাদৰ বিৰুদ্ধে পাকিস্তানৰ পূৰ্বে যি স্থিতি আছিল আজিও সেই স্থিতিয়ে বৰ্তি আছে। পাকিস্তানৰ সৈতে সীমা থকা প্ৰতিটো স্থান যে ভাৰতৰ বাবে সুৰক্ষিত নহয় সেই কথা পহলগামৰ ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিলে। পহলগামৰ সন্ত্ৰসবাদীৰ বৰ্বৰ আক্ৰমণক কেৱল গৰিহণা দিয়ে ক্ষান্ত থাকিলে পাকিস্তানে যে আৰু অধিক চল পাব সেয়া নিশ্চিত। এতিয়া কেন্দ্ৰই এক শক্তিশালী স্থিতি গ্ৰহণ কৰি পাকিস্তানৰ বিৰুদ্ধে সকলো কূটনৈতিক সম্পৰ্ক বাতিল কৰিব লাগে। আন্তৰাষ্ট্ৰীয় মজিয়াত পাকিস্তানক কূটনৈতিকভাৱে ভাৰতে অকলশৰীয়া কৰিব পাৰিলেহে হয়তো কিছু সফলতা লাভ কৰাৰ পথ প্ৰশস্ত হব। ভাৰতে পাকিস্তানক সামৰিকভাৱে প্ৰত্যুত্তৰ দিয়াটো নিতান্তই প্ৰয়োজনীয়। কিন্তু সামৰিকভাৱে যিমান দৃঢ় প্ৰত্যুত্তৰ দিলেও যদি কূটনৈতিকভাৱে পাকিস্তানৰ শক্তি হ্ৰাস নহয় তেনেহলে পাকিস্তানে পুনৰ এনে ঘটনা সংঘটিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব। কূটনৈতিকভাৱে দুৰ্বল দেশ এখনৰ অৰ্থনৈতিক দিশটো যথেষ্ট দুৰ্বল হৈ পৰে। গতিকে কূটনৈতিকভাৱে পাকিস্তানক ইমানেই দুৰ্বল কৰিব লাগিব যে পাকিস্তানে সন্ত্ৰাবাদৰ কথা পাহৰি কেৱল আৰু কেৱল দুবেলা দুমুঠি অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ কথা ভাবিবলৈ বাধ্য হৈ পৰে। স্বাধীনতাৰ পিছৰে পৰা পাকিস্তান ভাৰতৰ শত্ৰু আছিল, বৰ্তমানেও শত্ৰু হৈ আছে আৰু ভৱিষ্যতেও শত্ৰু হৈয়ে থাকিব। পাকিস্তানৰ সৈতে যিকোনো সম্পৰ্ক স্থাপন কৰা মানে সেয়া ভাৰতৰ বাবে মূৰ্খামি বাহিৰে আন একো হব নোৱাৰে। যিহেতু পাকিস্তানে আকৌ এবাৰ ভাৰতক সিহঁতৰ আচল ৰূপ দেখুৱাই দিলে গতিকে এতিয়া নিজৰ সমস্ত শক্তিৰে ভাৰতেও পাকিস্তানক প্ৰত্যুত্তৰ দিয়াটো ভাৰতৰ মূল লক্ষ্য হোৱা উচিত।